নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰভাগত বিনামূলীয়া চিকিৎসা শিবিৰত দুই শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা 

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ ইলোৰা বিজ্ঞান মঞ্চ নলবাৰী শাখা আৰু চি আৰ ইউ নলবাৰী জিলা সমিতিৰ উদ্যোগত তথা বৰভাগৰ আৰংগমৌ মজলীয়া বিদ্যালয়ৰ সহযোগত আজি  শিশুসকলৰ  বিনামূলীয়া চিকিৎসা শিবিৰ এটা অনুষ্ঠিত হৈ যায় । শিবিৰত অঞ্চলটোৰ দুই শতাধিক শিশুৰ স্বাস্থ্য পৰীক্ষা কৰা হয় ।  নলবাৰীৰ বিশিষ্ট চিকিৎসক মনোৰঞ্জন শৰ্মা, প্ৰণৱ কুমাৰ শৰ্মা, মধুৰাম বৈশ্য, অনিল চৌধুৰী, হেমেন শৰ্মা, মনোজ দাস আদিয়ে শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰে ।চিকিৎসা শিবিৰৰ আৰম্ভণিতে  আৰংগমৌ মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰবীন পাটোৱাৰীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় । বিদ্যালয়খনৰ সহকাৰী শিক্ষক প্ৰীতম দেৱশৰ্মাই আঁত ধৰা  সভাখনত জ্যেষ্ঠ চিকিৎসকসকলে স্থানীয় ৰাইজৰ উদ্দেশ্যে বক্তব্য প্ৰদান কৰে । সভাত ইলোৰা বিজ্ঞান মঞ্চৰ নলবাৰী শাখাৰ সম্পাদক কুলেশ চন্দ্ৰ ডেকা, কোষাধ্যক্ষ কালিনাথ গোস্বামী, যুটীয়া সম্পাদক ৰীতা বৰুৱা, সহকাৰী সম্পাদক ব্ৰজেন ভট্টাচাৰ্য, কাৰ্যকৰী সদস্য  অখিল চন্দ্ৰ দেৱশৰ্মা, চি আৰ ইউৰ নলবাৰী জিলা সমিতিৰ সভাপতি অমিয় চক্ৰৱৰ্তী, সম্পাদক লাটু বৰ্মন, সহকাৰী সম্পাদক শান্তনু বৈশ্য উপস্থিত থাকে ।
You might also like