নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগমণিত পথ দুৰ্ঘটনাত চাৰি শিশুকে ধৰি আহত ১০

নিয়মীয়া বাৰ্তা, ৭অক্টোবৰঃ ধুবুৰী জিলাৰ আগমণি আৰক্ষী থানাৰ অন্তৰ্গত ৰতিয়াদহৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত যোৱা সন্ধিয়া ভয়াবহ দুৰ্ঘটনা সংঘটিত হয় ।দুটা বাহনৰ মাজত সংঘৰ্ষত চাৰিটা শিশু সহ দহ গৰাকী ব্যক্তি আহত হয় । ঘটনা বিবৰণি মতে,  আগমণিৰ পৰা ১৭ নং ঘাই পথেৰে চাৰিআলি চিলাৰায় মৈদানত ভাষানিৰ মেলা চাবলৈ  ইৰিক্সাৰে শ্বেৰনগৰ গাঁওৰ যোগেন বৰ্মন আৰু তেওঁৰ পৰিয়ালে গৈ আছিল । মেলা লৈ আধা কিলোমিটাৰ বাকী থাকোতে তথা ৰাতিয়াদহত পিছত ফালৰ  পৰা এখন  বিলাসি  বাহনে খুন্দা মাৰে ।ফলত  ৰাস্তাৰ দ খালত বাগৰি পৰে দুযোখন বাহন। ফলত ইৰিক্সাত থকা স্বস্তিকা বৰ্মন ( ৮),সাগৰ বৰ্মন (৭ ), সেফালি বৰ্মন  (২৭ ),যোগেন বৰ্মন  (৪০ ), পূৰ্ণিমা বৰ্মন  (১২ ),জয়ন্তী বৰ্মন (৪০)  আৰু জয়শ্ৰী বৰ্মণ (১২ )আৰু চাৰি চকীয়া বাহনৰ বিনোদ ভৰালী (৫০ ), ৰেঞ্জুলতা  ভৰালী (৪০ )  আৰু ৱিকিৰাজ ভৰালিকে ( ১২ )ধৰি শিশুসহ দহ জন লোক গুৰুতৰ ভাবে আহত হয় । আহত সকলোক আগমনি সমুহীয়া চিকিৎসালয়ত ভৰ্তি কৰে ।
You might also like