নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূৰাগাঁৱৰ কুপতিমাটি গাঁৱত বোৱাৰী নিৰুদ্দেশৰ ঘটনাঃ বিগত এসপ্তাহে নিৰুদ্দেশ হৈ আছে এগৰাকী বোৱাৰী

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত কোপতিমাৰী গাঁৱৰ এগৰাকী বোৱাৰী বিগত এসপ্তাহে নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ গাওঁ খনতে। ঘটনাৰ বিৱৰণী মতে ৪মাহ পূৰ্বে কুপতিমাটি গাঁৱৰ ৰুকচানৰ সৈতে সামাজিক ভাৱে বিবাহ হৈছিল নিলিমা খাতুন নামৰ এই গৰাকী মহিলাৰ। যোৱা ০৪ তাৰিখে ৩ বজাত ঘৰৰ পৰা নিৰুদ্দেশ হৈ পৰে বোৱাৰী গৰাকী। বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰাৰ পিছতো সন্ধান নাপায় ভূৰাগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে। কোনোবাই যদি বোৱাৰীগৰাকীৰ সন্ধান পায় তেন্তে 8822808701 নম্বৰত যোগযোগ কৰিবলৈ আহব্বান জনাইছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে।

You might also like