নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজনীত মহা সপ্তমীৰ দিনাই পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ মাজতে বিজনীত অঘটন। বিজনীৰ পাণবাৰী থানাৰ অন্তৰ্গত লাবদাংগুৰীত পুত্ৰৰ হাতত প্ৰাণ গ’ল পিতৃৰ ৷ পুত্ৰ ৰাজীৱ ৰায়ৰ লাঠিৰে প্ৰহাৰত থিতাতে নিহত পিতৃ নিমাই ৰায়। ৰাইজে বান্ধি ৰাখি আৰক্ষীক গটালে হত্যাকাৰী পুত্ৰক ৷

পাৰিবাৰিক কন্দলৰ বাবে হত্যাকাণ্ডৰ সন্দেহ। পিতৃয়ে প্ৰতিদিনে মদ খাই পৰিয়ালত কৰা অশান্তিৰ পৰিণতিত অতিষ্ঠ হৈ পুত্ৰৰ দ্বাৰা এই কাণ্ড কৰা বুলি স্থানীয় ৰাইজৰ অভিযোগ কৰিছে।

ঘটনাস্থলিত পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী পুত্ৰ ৰাজীৱ ৰায়ক আটক কৰে।

You might also like