নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীৰ কুলাবালিত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কথমপি প্ৰাণৰক্ষা দুজনৰ

নিয়মীয়া বাৰ্তা ১২ অক্টোবৰঃ লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কুলাবালিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি বিয়লি ৩ বজাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে আৰোহী দুজন যুৱকৰ।

জানিব পৰা মতে বগীনদী দৈনিক বজাৰৰ পৰা লখিমপুৰ জিলা সদৰৰ মৈদমীয়ালৈ তীব্ৰ গতিত যোৱা AS01AM 6045 নম্বৰৰ চেভ্ৰলেট গাড়ীখনে কুলাবালিৰ সমীপৰ ঘাইপথৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই উৰি যোৱাদি চিটিকি গৈ পথৰ কাষৰ খাৱৈৰ পানীত পৰি বিধস্ত হৈ পৰে। যদিও এই ভয়ংকৰ পথ দুৰ্ঘটনাত সৌভাগ্যক্ৰমে মৈদমীয়াৰ গাড়ী আৰোহী কিশোৰ যুৱক দুজনে কোনো গুৰুতৰ আঘাত নোপোৱাকৈ ৰক্ষা পৰে। অৱশ্যে ঘটনাস্থলীত উপস্থিত হৈ বগীনদী আৰক্ষীয়ে যুৱক দুজনক উদ্ধাৰ কৰি চিকিৎসা ব্যৱস্থা কৰে। ফটো আছে।

Input: ভূবন গৌতম

You might also like