নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰত হাতী-মানুহৰ সংঘাট তীব্ৰতৰ

নিয়মীয়া বাৰ্তা, ২২জানুৱাৰী: চৰকাৰে হাতী খেদাৰ ব‍্যৱস্থা কৰক অন‍্যথা আত্মহত্যা কৰিব লাগিব আমি । আজি পুৱাই সংবাদ মাধ্যমৰ আগত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে কলিয়াবৰৰ এগৰাকী অসহায় মহিলাই। উল্লেখ্য যে, বন্য হাতীৰ উপদ্ৰৱে দীৰ্ঘ দিন ধৰি কলিয়াবৰৰ বিভিন্ন ঠাইত মানুহক জীয়াতু ভোগাই অহাৰ পাছত ইয়াৰ জখলাবন্ধা সমীপৰ দেৱসত্ৰত উজাগৰি নিশা কটায়ো ঘৰখন ৰক্ষা কৰিব নোৱাৰি এইদৰে ক্ষোভেৰে কয় ভুক্তভোগী মহিলা গৰাকীয়ে । জানিব পৰা মতে, নিশা জখলাবন্ধা দেৱসত্ৰ গাঁৱৰ এটি খাতিখোৱা পৰিয়ালৰ বাসগৃহটো পুনৰ বনৰীয়া হাতীয়ে ভাঙি লণ্ডভণ্ড কৰি তহিলং কৰে । পকী বেৰ, খিৰিকী, বাঁহৰ বেৰ ভাঙি দৰিদ্ৰ পৰিয়ালটোৰ বহু আচবাব নষ্ট কৰাৰ লগতে চাউলমুঠিও খাই অনিষ্ট কৰে । অঞ্চলটোত প্ৰতি নিশাই বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে । উক্ত অঞ্চলটোত যোৱা কিছু দিন ধৰি বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই মানুহৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে যদিও চৰকাৰ নিমাতে থকাত ৰাইজে আচৰ্য প্ৰকাশ কৰিছে। স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই হাতী খেদাৰ ব‍্যৱস্থা কৰা হব বুলি কৈছিল যদিও কোনো সুফল নাপালে ৰাইজে। সমীপতে থকা দৰিদ্ৰ হিতাধিকাৰীৰ বাবে আবন্টিত চাউল মজুত থকা চতিয়াল সমবায় সমিতিৰ গ’ডাউন গৃহটোও এতিয়ালৈকে চাৰিবাৰ ভাঙি বহু চাউল খোৱাৰ লগতে অনিষ্ট ও কৰে । ঢাল-তৰোৱাল নোহোৱা বন বিভাগে হাতী খেদাত বিফল হোৱাত এতিয়া কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ গঞা নিৰাপত্তাহীনতাত ভোগিছে ।

You might also like