নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত বিজেপিৰ হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ সজাগতা সমদল

নিয়মীয়া বাৰ্তা, আগষ্ট: ভাৰতৰ স্বাধীনতাৰ ৭৫তম বৰ্ষ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত উদযাপন কৰা “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি সকলোৰে ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাৰ বাবে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জনাইছিল আহ্বান । সেই আহ্বানক সহাৰি জনাই আজি জোনাইত বিশেষ পদক্ষেপ ।

ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে জোনাই মহকুমাত পূৱ জোনাই বিজেপিৰ মণ্ডলৰ উদ্যোগত ব্যপক তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । কেন্দ্ৰীয় চৰকাৰে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ প্ৰতিটো বাসগৃহতে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান জনাইছিল ।

সেই আহ্বানক সঁহাৰি জনাই জনসাধাৰণক সজাগ কৰিবলৈ জোনাই মহকুমাত বিজেপিৰ উদ্যোগত হাতে হাতে পতাকা লৈ জোনাইৰ বিভিন্ন অঞ্চলত শোভাযাত্ৰা কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । শোভাযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিজেপিৰ কৰ্মী সকলে আজাদি কা অমৃত মহোৎসৱ, ঘৰে ঘৰে পতাকা উত্তোলন কৰক আদি ধ্বনিৰে সমগ্ৰ জোনাই অঞ্চল মুখৰিত কৰি তোলে ।

You might also like