নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক আনছুল গুপ্তা; নৱনিৰ্মিত ৰানিং ৰুম মুকলি

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক আনছুল গুপ্তাই আজি এক চমু ভ্ৰমণসূচী লৈ মৰিয়নিত উপস্থিত হয়হি । দুপৰীয়া প্ৰায় ১২ মান বজাত বিশেষ ৰে’লযোগে মৰিয়নি ৰে’ল ষ্টেচনত উপস্থিত হৈ মহাপ্ৰৱন্ধকজনে বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে তেওঁলোকৰ পৰা সকলো দিশ অৱগত হয় । তাৰ পিছতেই তেওঁ মৰিয়নি ৰে’লৱে ষ্টেচনৰ বিভিন্ন স্থান পৰিদৰ্শন কৰাৰ লগতে ষ্টেচনৰ বাহিৰৰ একাধিক স্থানো পৰিদৰ্শন কৰে । তাৰোপৰি ৰে’লৱে ষ্টেচনত যাত্ৰী সা- সুবিধাৰ দিশ বিশেষভাৱে পৰিদৰ্শন কৰে । নতুনকৈ স্থাপন কৰা প’ৰ্টেবল প্লাজমা কাটিং মেচিনৰো প্ৰদৰ্শন কৰে মহাপ্ৰৱন্ধকজনে । আনহাতে, ষ্টেচনৰ সমীপতে নতুনকৈ নিৰ্মান কৰা ৰে’ল কৰ্মচাৰীৰ তিনিমহলীয়া ৰানিং ৰুমটো আজি ফিটা কাটি মুকলি কৰে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক গুপ্তাই । একেদৰে কুইক ৱাটাৰিং চিষ্টেমো আজি তেওঁ মুকলি কৰে । তাৰোপৰি তেওঁ কেন্দ্ৰীয় ই আই বিল্ডিঙৰ আধাৰশিলা স্থাপন কৰে । মহাপ্ৰৱন্ধকজনৰ এইয়া এক নিয়মীয়া পৰিদৰ্শন বুলি ৰে’ল বিভাগৰ সূত্ৰই জানিবলৈ দিছে । প্ৰায় আঢ়ৈ ঘন্টীয়া এই চমু ভ্ৰমণকালত মৰিয়নিৰ একাধিক সংগঠন, অনুষ্ঠানে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ শীৰ্ষতম বিষয়াজনক আদৰণি জনোৱাৰ লগতে স্মাৰক পত্ৰ প্ৰদান কৰে । মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ এটা সঁ‌জাতি দলে মহা প্ৰৱন্ধকজনক সাক্ষাৎ কৰি বাৰদফীয়া এক স্মাৰকপত্ৰ প্ৰদান কৰি দাবীসমূহ শীঘ্ৰেই সমাধানৰ আহ্বান জনায় । ছাত্ৰ সন্থাই প্ৰচুৰ সম্ভাৱনা আৰু সুবিধা থকাৰ পিছতো ৰে’ল বিভাগে মৰিয়নিক সদায় দুৰ্ভাগ্যজনকভাৱে অৱহেলা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰি দাবীসমূহ সমাধানৰ আহ্বান জনায় । স্মাৰক পত্ৰত আছুৱে কেতিয়াবাই শতবৰ্ষ অতিক্ৰম কৰি বৰ্তমান ১২৭ বছৰত ভৰি দিয়া মৰিয়নি ৰে’লৱে ষ্টেচনক হেৰিটেজ ষ্টেচন হিচাপে ঘোষনা কৰিবলৈ আহ্বান জনোৱাৰ লগতে ৰে’ল ষ্টেচনৰ সমীপত এখন হেৰিটেজ পাৰ্ক স্থাপন কৰিবলৈ দাবী জনায় । তাৰোপৰি মৰিয়নিবাসীৰ সুবিধা হোৱাকৈ মৰিয়নিত এক সৰ্বাংগসুন্দৰ ক্ৰীড়া প্ৰকল্প স্থাপন কৰা, জনসাধাৰণৰ উপকাৰ হোৱাকৈ ৰে’ল বিভাগৰ দ্বাৰা খোৱাপানীৰ ব্যৱস্থা কৰি দিয়া, ৰে’ল বিভাগৰ এখন কেন্দ্ৰীয় উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা, মৰিয়নিৰ প্ৰখ্যাত যোৰা পুখুৰীৰ মাজ অংশত আটকধুনীয়া পাৰ্ক নিৰ্মাণ কৰাৰ লগতে পুখুৰীত ব’টিঙৰ ব্যৱস্থা কৰা, জৰাজীৰ্ণ হৈ যাতায়তৰ অনুপযোগী হৈ পৰা ৰে’ল বিভাগৰ ৰাস্তা পদুলি সমূহ শীঘ্ৰেই মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে । আনহাতে, ৰে’ল বিভাগৰ পৰিত্যক্ত আৰু অব্যবহৃত খালী মাটিৰ উপযুক্তভাৱে ব্যৱহাৰ কৰাৰ লগতে বাণিজ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়, যাতে ৰে’ল বিভাগৰ লগয়ে মৰিয়নিয়ো আৰ্থিকভাৱে লাভাৱাম্বিত হয় । ইয়াৰ লগতে, সম্প্ৰতি দিল্লী আৰু কামাখ্যাৰ মাজত চলাচল কৰি থকা ১৫৬৫৭ নামনিমুৱা – ১৫৬৫৮ উজনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ৰে’লখন মৰিয়নি হৈ ডিব্ৰুগড় – দিল্লীৰ মাজত পুনৰ চলাচল কৰিবলৈ দাবী জনায় । একমাত্ৰ মেইল ট্ৰেইনখন মৰিয়নি হৈ ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ কৰিবলৈ দাবী জনায় । একেদৰে হাওৰা – ডিব্ৰুগড় কামৰূপ এক্সপ্ৰেছখন সম্প্ৰতি সপ্তাহত চাৰিদিনলৈ হ্ৰাস কৰাৰ কাৰ্য্যত আক্ষেপ প্ৰকাশ কৰি ডিব্ৰুগড় – হাওৰাৰ মাজত এখন নতুন ৰে’লৰ চলাচলৰ ব্যৱস্থা কৰি সপ্তাহৰ আটাইকেইটা দিনেই চলোৱৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে । বৰ্তমানে বন্ধ কৰি থোৱা মৰিয়নিৰ যাত্ৰী আৰক্ষণ ব্যৱস্থা চমুকৈ পি আৰ এছ পুনৰ মুকলি কৰিবলৈও দাবী জনাইছে । তাৰোপৰি ৰে’লপথত হোলোঙাপাৰ গিৱন অভয়াৰণ্যৰ হাতী আৰু অন্যান্য বন্যজন্তুৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দাবী জনায় । ইফালে, মৰিয়নি নাগৰিক সমিতিয়েও সুকীয়াকৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে । তেওঁলোকে মৰিয়নিৰ এখন কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ এখন বিদ্যালয় স্থাপন কৰা, ৰে’লৱে আৱসিক অঞ্চলৰ জাৱৰ – জোথৰ সমূহ য’তে ত’তে নেপেলাই মৰিয়নি পৌৰসভাৰ সৈতে একেলগে এঠাইত পেলাই বিজ্ঞানসন্মতভাৱে নষ্ট কৰাৰ ব্যৱস্থা কৰা আৰু সম্প্ৰতি হাবি – জংঘলেৰে পৰিপূৰ্ণ হৈ পৰা পূৰ্বৰ ল’ক’ ছেদৰ অংশ সুৰক্ষা আৰু নিৰাপত্তাৰ খাতিৰত চাফ চিকুন কৰি মুকলি কৰাৰ দাবী জনায় । মৰিয়নিবাসীৰ এই দাবী কিদৰে মানি লয় সেয়া এতিয়া সময়েহে ক’ব । প্ৰায় ২-৪৫ মান বজাত মৰিয়নি ষ্টেচনৰ পৰিদৰ্শন সামৰি বিশেষ ৰে’লযোগে আমগুৰিলৈ ৰাওনা হয় । মহাপ্ৰৱন্ধকজনৰ আজিৰ এই ভ্ৰমণ কাৰ্য্যসূচীৰ সময়ত উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ প্ৰিন্সিপাল চিফ্ ইঞ্জিনীয়াৰ বিনোদ কুমাৰ বাৰ্মা, প্ৰিন্সিপান চিফ্ মেকানিকেল ইঞ্জিনীয়াৰ জি কে গুপ্তা, তিনিচুকীয়া সংমণ্ডলৰ সংমাণ্ডলিক ৰে’লৱে প্ৰৱন্ধক ( ডি আৰ এম ) বিজয় কুমাৰ মিশ্ৰকে ধৰি ৰে’ল বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে ।

দিব্যজ্যোতি শইকীয়া

You might also like