নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়া জিলাত প্ৰধানমন্ত্ৰীৰ “পৰীক্ষা পে’ চৰ্চা ” অনুষ্ঠানত বিদ্যালয়ৰ অংশ গ্ৰহণ

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰী:- ছাত্ৰ জীৱনত পৰীক্ষাৰ বাবে নিজকে সাজু কৰিবলৈ প্ৰয়োজন হোৱা মানসিক দৃঢ়তা অটুট ৰাখিব পৰাকৈ জীৱনৰ ঘাট -প্ৰতিঘাত সমূহ জয় কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অংশ গ্ৰহণ কৰা “পৰীক্ষা পে চৰ্চা ” অনুষ্ঠানত তিনিচুকীয়া জিলাৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী লৈকে থকা ৪৪৩ খন বিদ্যালয়ত ছাত্ৰ- ছাত্ৰীয়ে উপস্থিত থাকি পোন পটীয়া সম্প্ৰচাৰ উপভোগ কৰে । তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত জিলা পৰ্যায়ৰ অনুষ্ঠানত স্থানীয় ১১ খন বিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক -শিক্ষয়িত্ৰী সকলে অংশ গ্ৰহণ কৰে । বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যান দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষানে ছাত্ৰ- ছাত্ৰী সকলক অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হয় । প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ- ছাত্ৰীয়ে দূৰ সংযোগ মাধ্যমেৰে নিজৰ পাৰদৰ্শিতা বৃদ্ধিৰ কৌশল তথা লক্ষ প্ৰাপ্তিৰ ক্ষেত্ৰত আহৰণ কৰিব লগীয়া বুদ্ধিমত্তাৰ বিষয়ে পোনপটীয়া বাৰ্তালাপৰ যোগেদি উপকৃত হোৱাৰ বিষয়ে জানিব পাৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পৰীক্ষা পে চৰ্চা অনুষ্ঠানত অংশ গ্ৰহণ কৰি যথেষ্ঠ উপকৃত হয় ।
অনুষ্ঠানটোত জিলাৰ শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সুশান্ত কুমাৰ দত্ত , সহকাৰী আয়ুক্ত অপৰূপা বৰগোহাঁই , বিদ্যালয় সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা , জিলা আচঁনি বিষয়া ত্ৰিদিব শৰ্মা তামুলী , বিদ্যালয়খনৰ অধ্যক্ষ জয়ন্ত নেওগ প্ৰমুখ্যে বিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী সকল উপস্থিত থাকে ।

প্ৰেৰক:- বিবেক বড়া

You might also like