নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ৰাজ সাহাৰ্য যুক্ত ইউৰীয়া সাৰক লৈ বৃহৎ কেলেংকাৰী; তদন্তৰ দাবী কৃষক ৰাইজৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ ৰাজ্যত ৰাজ সাহাৰ্য যুক্ত ইউৰীয়া সাৰক লৈ সংঘটিত হৈছে বৃহৎ কেলেংকাৰী । শেহতীয়াকৈ লখিমপুৰত ফাদিল হৈছে এই কেলেংকাৰী । যত সাৰৰ নামত সংঘটিত এই কেলেংকাৰীৰ বাবেই   সুলভ মূল্যৰ ৰাজ সাহাৰ্যযুক্ত  সাৰ ৰাইজে লাভ নকৰিলে  । প্ৰাপ্ত অভিযোগ মতে বিতৰকৰ ওচৰতো  নাই ২২৪ মেট্ৰিকটন সাৰৰ তথ্য ।জানিব পৰা মতে -৫ টকা  মূল্যৰ ৰাজ সাহার্যযুক্ত ইউৰীয়া কৃষকে ক্ৰয় কৰিব লগা হল ১৫ ৰ পৰা ২৪ টকা দৰত । বিশেষকৈ এখন সাৰৰ কলা বজাৰ তৈয়াৰ কৰি বিতৰকে লুটি-পুতি খালে কৃষকক বাবে আবন্টন পোৱা বৃহৎ পৰিমাণৰ সাৰ ।

 

উল্লেখ যে শেহতীয়া কৈ হিন্দু যুৱ ছাত্ৰও পৰিষদে আৰ টি আই যোগে কৃষি বিভাগৰ পৰা তথ্য বিচাৰে যদিও তেওঁলোকে তথ্য দিয়াত অপাৰগতা প্ৰকাশ কৰে । লাভ কৰা তথ্যত অসম বীজ  ভাণ্ডাৰ লখিমপুৰ,জয় নাৰায়ণ ৰাইচ মিল নাৰায়ণপূৰ ,বৰ্মন বীজ ভাণ্ডাৰ, কৃষ্ণ কান্ত দাস লালুক , আদিৰ বিৰুদ্ধে উঠিছে এই ভয়ংকৰ জালিয়তিৰ অভিযোগ। প্ৰায় ২২ কোটি টকীয়া এই কেলেংকাৰীৰ তদন্ত বিচাৰিছে কৃষক ৰাইজৰ লগতে হিন্দু  যূৱ ছাত্ৰ পৰিষদে । ৰাইজৰ প্ৰশ্ন কোটি কোটি টকাৰ সাৰ যদি কৃষকে পোৱাই তাই তেন্তে এই বৃহৎ পৰিমাণৰ ইউৰীয়া কলৈ গল ইয়াৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনাইছে ।

 

ইফালে কালি এই সন্দৰ্ভত জিলা উপায়ুক্ত কাৰ্যলয়ত পাঁচ বিতৰক আৰু জিলা কৃষি বিষয়া (নডেল বিষয়া ) ৰ মাজত এই সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত অতিৰিক্ত উপায়ুক্ত ই কৃষি বিভাগৰ নডেল বিষয়াক আৰ টি আই আবেদন কাৰিক তথ্য দিব নোৱাৰাৰ বাবে তীব্ৰ ধমক দিয়ে । আনহাতে পাঁচ বিতাৰকক অতিৰিক্ত উপায়ুক্ত ই সাত দিনৰ সময় বান্ধি তেওঁলোকে কোন কোন খুচুৰা বিক্ৰেতাক সাৰ যোগান ধৰিলে তাৰ শবিশেষ তালিকা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।
You might also like