নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰৰ হাৰমতিৰ পাৰ্বতীপুৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্ত, ১৫ জানুৱাৰীঃ অসমত বৰ্তমান চলিছে পৰিষদীয় নিৰ্বাচনৰ বতাহ ৷আজি ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ জকাই পেলোৱা হাৰমতি সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰণোজ পেগুৱে। আজি বান্দৰদেৱাৰ হাৰমতিত ২০ নং জকাই পেলোৱা সমষ্টিৰ মিত্ৰজোতৰ মনোনীত প্ৰাৰ্থী ধনেশ্বৰ হাজৰিকাৰ হৈ মন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা আৰু লখিমপুৰ জিলা বিজেপিৰ সভাপতি ফণী বৰুৱা।

আগন্তুক ২০ জানুৱাৰী তাৰিখে ধনেশ্বৰ হাজৰিকাক এক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত জয় যুক্ত কৰাৰ আহ্বান মন্ত্ৰী ৰণোজ পেগুৰ। সমষ্টিটোৰ মূল সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত আঁচনি হাতত লোৱা হৈছে আৰু অন্যান্য সমস্যা সমূহ আলোচনাৰ বাবে আহ্বান সাংসদ প্ৰধান বৰুৱাৰ। অসমৰ খেতিয়কেও ১৯৪০ টকাকৈ পাব ধানৰ কুইন্টল। যাৰ বাবে কৃষিবিষয়া সকলৰ দ্বাৰা খেতিয়কৰ পঞ্জীয়ন কৰি আছে, যাৰ ফলত উচিত মূল্য পাব অসমৰ খেতিয়কেও। ২৪ ঘন্টাই খোলা পাব চৰকাৰী কাৰ্যালয় ২৪ x৭ উপলব্ধ হব চৰকাৰী সকলো সুবিধা ৷

You might also like