নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কংগনা ৰাণাৱতৰ গালতকৈও বেছি মসৃণ ৰাস্তা বনাম’-কংগ্রেছ নেতাৰ মন্তব্যৰ পাছতেই বিতর্ক

নিয়মীয়া বাৰ্ত, ১৫ জানুৱাৰীঃ ঝাৰখণ্ডৰ এজন কংগ্ৰেছ বিধায়কে অভিনেত্ৰী কংগনা ৰাণাৱতৰ গালৰ দৰে ৰাস্তা নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি বিতৰ্কৰ মাজত সোমাই পৰিছে। বিধায়কজনৰ নিজ বিধানসভা সমষ্টিটোৰ ১৪ টাকৈ নতুন পথ নিৰ্মাণৰ কথা কোৱাৰ সময়ত তেওঁ দাবী কৰে যে সেই ৰাস্তাবোৰ কংগনাৰ গালতকৈও মসৃণ হ’ব। স্বাভাৱিকতে, তেওঁৰ মন্তব্যক লৈ এক বিতৰ্কৰ সৃষ্টি হৈছে। নেতাজনৰ এই বিতৰ্কিত ঘোষণাৰ এটা ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

ঝাড়খণ্ডৰ জামতাড়া বিধানসভা সমষ্টিৰ বিধায়ক ড০ ইৰফান আনছাৰিয়ে এক ভিডিঅ’ যোগে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। তেওঁ কৈছিল-‘‘মই আপোনাসৱক কথা দিছোঁ যে জামতাড়াৰ ৰাস্তাসমূহ অভিনেত্রী কংগনা ৰাণাৱতৰ গালতকৈও মসৃণ হৈ উঠিব। ১৪টা ৰাস্তাৰ কাম শীঘ্ৰে আৰম্ভ হ’ব।’’

চাওক ভিডিঅ’টো-

You might also like