নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহৰীঘাটত ৫ জুৱাৰীক আটক

নিয়মীয়া বাৰ্তা, ২৪ফেব্ৰুৱাৰী: লাহৰীঘাট আৰক্ষী জুৱাৰ বিৰুদ্ধে অভিযান অব্যাহত।যোৱানিশা লাহৰীঘাট আৰক্ষী থানাৰ অচি নেতৃত্বত এটি অভিযানকাৰী দলে জুৱাৰ বিৰুদ্ধে অভিযান চলাই ৫জন জুৱাৰীক আটক কৰে । গোপন খৱৰৰ ভিত্তিত থানাৰ অধীনস্থ তিনিচুকীয়া মহমাৰী পথাৰত চলি থকা এটি জুৱাৰ ঘাটিত অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰে ।আৰক্ষীৰ অভিযানত আটক হোৱা জুৱাৰী কেইজন ক্ৰমে, ইক্ৰামুল হুছেইন(৩২),মফিদুল ইছলাম ওৰফে ভাইজান আলী(৪৫),চাহিদুল ইছলাম(৩৮),আব্দুল ৰৌউফ(২৮),জাহিদুল ইছলাম(৩৬)।ধৃত জুৱাৰী কেইজনৰ পৰা আৰক্ষীয়ে নগদধন ২৯১০০টকা,মৱাইল ২টা,খেলত ব্যৱহ্নত সা সামগ্ৰী কৰে ।বৰ্তমান লাহৰীঘাট আৰক্ষী জিম্মাত আটাইকেইজনক সোধপোছৰ বাবে ৰখা হৈছে ।

You might also like