নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষকৰ ৰূপত শিক্ষা সচিব, বিদ্যালয় পৰিদৰ্শকঃ নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি অধ্যয়নত ব্ৰতী হবলৈ ছাত্ৰ ছাত্ৰীক আহ্বান

নিয়মীয়া বাৰ্তা, ১৬ মে’:  অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগৰ সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া ভাৰত ভূষণ দেৱ চৌধুৰীয়ে আজি জালুকবাৰী বিধানসভা সমষ্টি এলেকাৰ উত্তৰ গুৱাহাটীস্থ ৰংমহল হাইস্কুল আৰু মান্দাকাটা হাইস্কুলত দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত শ্ৰেণীকোঠাত মত বিনিময় কৰে। প্ৰথমতে পুৱা ন বজাতেই তেওঁ ৰংমহল হাইস্কুলত উপস্থিত হয়। তাৰ পিছত তেওঁ মান্দাকাটা হাইস্কুললৈ যায়। দুয়োখন বিদ্যালয়তেই দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত এঘণ্টাকৈ অতিবাহিত কৰে। শিক্ষা বিষয়া গৰাকীয়ে শিক্ষাৰ্থীসকলৰ লগত মতৰ আদান প্ৰদান কৰি তেওঁলোকৰ মনৰ দুৱাৰ খুলি দিবলৈ প্ৰয়াস কৰে।

নিৰ্ধাৰিত সংকুচিত পাঠ্যক্ৰমৰ বাহিৰত থকা জীৱনবোধ, মানৱীয়তা আৰু জীৱন জগতৰ বিশাল পথাৰখনত বিচৰণ কৰাৰ বাবে তেওঁ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ শিকিব লাগে, কেনেকৈ কথাবোৰ মনত ৰাখিব পাৰি, কেনেদৰে লিখিলে পৰীক্ষাত ভাল নম্বৰ পাব পাৰি সেইবোৰ দিশৰ ওপৰতো উপদেশ প্ৰদান কৰে। জীৱন বাটত আগুৱাই যাওতে কোনবোৰ বিষয় অধ্যয়ন কৰিলে ,কেনে সা সুবিধা থাকে তাৰ বিষয়েও ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক নিজকে আনৰ লগত তুলনা নকৰি নিজৰ ওপৰত আত্মবিশ্বাস ৰাখি অধ্যয়নত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। কেৱল নম্বৰৰ বাবেই অধ্যয়ন নকৰি এজন ভাল আৰু সমাজৰ কামত অহা মানুহ হ’বলৈ নিজকে প্ৰস্তুত হ’বলৈ তেওঁ শিক্ষাৰ্থীসকলক আহ্বান জনায়। শিক্ষা বিষয়া গৰাকীৰ অমৃত বাণীয়ে শিক্ষাৰ্থীসকলক মুগ্ধ কৰে। বিষয়া গৰাকী পঢ়া- শুনাত কিবা পৰামৰ্শ লাগিলে সততে তেওঁৰ লগত যোগাযোগ ৰাখিবলৈও পৰামৰ্শ দিয়ে। শিক্ষা বিষয়া গৰাকীয়ে কালি লোহাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মুদুকী আঞ্চলিক জনজাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শ্ৰেণীকোঠাত মিলিত হৈছিল। কামৰূপৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াইও কালি বিদ্যালয় দুখনৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰে।

You might also like