নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰৰ বাঁহবাৰীত আয়োজিত আন্তঃজিলা প্ৰাইজমাণী ফুটবলৰ চূড়ান্ত খেলত মালিনী এফ চি বিজয়ী

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ শোণিতপুৰ জিলাৰ বিহগুৰিৰ বাঁহবাৰী পঞ্চায়তৰ উদ্যোগত আৰু বাঁহবাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত বাঁহবাৰী বাগিছা ৰাজীৱ গান্ধী খেলপথাৰত আজি অনুষ্ঠিত আন্তঃজিলা প্ৰাইজমাণী খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত মালিনী ফুটবল এফ চিয়ে বিজয় সাব্যস্ত কৰি খিতাপ অৰ্জন কৰে ৷ ওদালগুৰি জিলাৰ কে এ এফ চি আৰু মালিনী এফ চিৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখন নিৰ্দিষ্ট সময় লৈকে খেলাৰ পাছতো খেলখন অমিমাংসীত হৈ ৰোৱাত খেল পৰিচালকে ট্ৰাইবেকাৰ দিবলগীয়া হয় ৷ উক্ত ট্ৰাইবেকাৰত মালিনী এফ চিয়ে এক গল লাভ কৰি বিজয়ী ঘোষিত হয় ৷ শেষত অতিথি সকলৰ হাতেৰে বিজয়ী দল মালিনী এফ চিয়ে ট্ৰফী সহ নগদ ৩০ হাজাৰ টকা পুৰস্কাৰ লাভ কৰে ৷

আনহাতে বিজিত দল কে এ এফ চিয়ে ট্ৰফী সহ নগদ ২০ হাজাৰ টকা অতিথি সকলৰ হাতৰ পৰা পুৰস্কাৰ গ্ৰহণ কৰে ৷ চূড়ান্ত খেলখনত দয়াল বাঘৱাৰ আৰু বাসুদেৱ দৈমাৰীয়ে শ্ৰেষ্ঠ খেলুৱৈ বাছনি কৰা কে এ এফ চিৰ আমুছ চুৰিণ আৰু যতীন চুৰিণ দুই খেলুৱৈৰ উপৰি শ্ৰেষ্ঠ গল ৰক্ষক হিচাপে বাছনি কৰা শচীন বসুমতাৰীক ট্ৰফী সহ নগদ ধনেৰে পুৰস্কৃত কৰে ৷ বঁটা বিতৰণী অনুষ্ঠানত বাঁহবাৰী পঞ্চায়তৰ সভাপতি তথা ফুটবল খেল পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ উৰাং, অমিয় দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কুমাৰ নাথ, স্থানীয় এ আই এছ এফ কেম্পৰ অধিনায়ক বিষ্ণু মূৰ্ত্তি বৰুৱা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল ৷ 

 প্ৰেৰকঃ বগা তপ্ন , মিছামাৰী

You might also like