নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিয়াৰ বয়সক লৈ গঠিত কমিটীত এগৰাকীহে মহিলা! আক্ষেপ প্রকাশ শিৱসেনাৰ সাংসদৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ মহিলাসকলৰ বিয়াৰ আইনী বয়স ১৮ৰ পৰা ২১ বছৰ বৃদ্ধি কৰাৰ প্রস্তাৱেৰে সংসদত দাখিল কৰা বিধেয়ক পর্যালোচনা কৰিবলৈ যি কমিটী গঠন কৰা হৈছে, তাক লৈ উদ্বেগ প্রকাশ কৰিছে মহাৰাষ্ট্রৰ শিৱসেনাৰ সাংসদ প্রিয়ংকা চতুর্বেদীয়ে৷ ৰাজ্যসভাৰ অধ্যক্ষ তথা দেশৰ উপ–ৰাষ্ট্রপতি ভেংকায়া নাইডুলৈ লিখা এখন পত্রত সাংসদগৰাকীয়ে উল্লেখ কৰিছে যে ৩১গৰাকী সাংসদক লৈ গঠিত কমিটীত মহিলাৰ বাবে গুৰুত্বপূর্ণ বিধেয়ক এখনৰ ওপৰত পর্যালোচনা কৰিব বিচৰা হৈছে৷ কিন্তু এই কমিটীত মাত্র এগৰাকী মহিলাকহে সদস্য হিচাপে ৰখা হৈছে৷

স্মর্তব্য যে পশ্চিমবংগৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱক এই কমিটীখনত একমাত্র মহিলা সদস্য হিচাপে ৰখা হৈছে৷ গতিকে, শিৱসেনাৰ সাংসদ চতুর্বেদীয়ে আক্ষেপ প্রকাশ কৰি ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ–ৰাষ্ট্রপতি নাইডুক বিষয়টো সন্দর্ভত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে৷ কমিটীত যাতে অধিক মহিলা সদস্যক প্রতিনিধিত্ব কৰাৰ সুযোগ প্রদান কৰা হয়, সেই বিষয়টো চিন্তা–চর্চা কৰিবলৈ আহ্বান জনাইছে সাংসদগৰাকীয়ে৷

You might also like