নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সনাতন ধৰ্ম হৈছে নিজেই জীৱনঃদিগন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ ‘আমি প্ৰায়ে হিন্দু ধৰ্ম, সনাতন ধৰ্মৰ কথা কওঁ, কিন্তু আমাৰ মাজৰ খুব কম লোকেই সঁচাকৈয়ে জানে যে সেই ধৰ্ম কি। আন ধৰ্মবোৰ হৈছে বিশ্বাস আৰু বৃত্তিৰ প্ৰাধান্যপূৰ্ণ ধৰ্ম, কিন্তু সনাতন ধৰ্ম হৈছে নিজেই জীৱন; এইটো এটা বস্তু যিটো জীয়াই থকাৰ দৰে বিশ্বাস কৰিব লগীয়া নহয়। মঙলবাৰৰ দিনা কৰিমগঞ্জ জিলাৰ ৰামকৃষ্ণ নগৰ কলেজত ‘শ্ৰী অৰবিন্দৰ উত্তৰপাৰা ভাষণৰ আলোকত সনাতন ধৰ্ম আৰু পাচঁটা সপোন’শীৰ্ষক আলোচনা সভাত অংশগ্ৰহন কৰি ঋষি অৰবিন্দৰ উদ্ধৃতি ডাঙি ধৰি এনেদৰে কয় সাহিত্য একাডেমী অনুবাদক পুৰস্কাৰ জয়ী বক্তা দিগন্ত বিশ্ব শৰ্মাদেৱে। তেওঁ কয়, আলিপুৰ কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিছত ঋষি অৰবিন্দে উত্তৰপাৰাত ৰাজহুৱা ভাষণ দিছিল। ইয়াক ‘উত্তৰপাৰা ভাষণ’ বুলি কোৱা হয়। উত্তৰপাৰা ভাষণত তেওঁ জনসাধাৰণক এক ঐতিহাসিক ভাষণ প্ৰদান কৰে। য’ত এজন বিপ্লৱীৰ পৰা আধ্যাত্মিক মানুহলৈ পৰিৱৰ্তনৰ প্ৰথম বাৰ্তা দিয়া হয়। তেওঁ কয়, অৰবিন্দ দেৱে যেতিয়া আলিপুৰ বোমা গোচৰত আটক হৈছিল আৰু কাৰাগাৰত গৈছিল, তেতিয়া চিত্তৰঞ্জন দাসে তেওৰ মূল্যায়ন কৰি কৈছিল যে,তেওক মানুহে দেশপ্ৰেমৰ কাব্যৰচক হিচাপে মনত ৰাখিব। জাতীয়তাবাদৰ দিকদৰ্শন হিচাপে মনত ৰাখিব।মানবতাৰ পূজাৰী হিচাপে মনত ৰাখিব। কাৰাগাৰৰ নিৰ্জন কোঠালীত
তেওঁৰঅপৰিসীম আধ্যাত্মিক উপলব্ধি ঘটিছিল। তেওঁৰ কথাত, তেওঁ কাৰাগাৰৰ ভিতৰত আত্মাৰ কান্দোন শুনিছিল। বন্দী অৱস্থাত তেওঁ অনুভৱ কৰিছিল যে দেশৰ স্বাধীনতা আন্দোলন তেওঁৰ বাবে নহয়। তেওঁ জীৱনৰ আন এটা উপায় বিচাৰিব লাগিব। যেতিয়া তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিছিল, তেওঁ এজন বেলেগ ব্যক্তিৰ দৰে আছিল। তেওঁ ৰাজনীতিৰ পৰা আঁতৰি গৈছিল আৰু আধ্যাত্মিক কামত নিজকে নিমজ্জিত কৰিছিল। বিপ্লৱী অৰবিন্দ ঋষি অৰবিন্দলৈ ৰূপান্তৰিত হৈছিল।

তেওঁ পুনৰ কয় যে ঋষি অৰবিন্দ অখন্ড ভাৰতৰ বিশ্বাসী আছিল। তদুপৰি ভাৰত অচিৰেই অখন্ড হ’ব বুলি বিশ্বাস কৰিছিল। কিয়নো ভাৰতবাসীৰ অন্তৰাত্মা এটা আৰু অভিন্ন । এই দিনা আলোচনা সভাত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে। আৰম্ভণিতে ৰামকৃষ্ণ নগৰ কলেজৰ অধ্যক্ষ ডঃ মালা শৰ্মা, সমাজকৰ্মী মৃগাঙ্ক দত্ত চৌধুৰীৰ উপস্থিতিত চাকি জ্বলাই আলোচনা সভাৰ উদ্বোধন কৰে তেওঁ।

উল্লেখ্য যে, তিনি দিনীয়া বৰাক উপত্যকা ভ্ৰমণত অহা দিগন্ত বিশ্ব শৰ্মাদেৱে কাইলৈ কৰিমগঞ্জ কলেজ আৰু কৰিমগঞ্জৰ বিবেকানন্দ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় ছোচাইটি আৰু ভাৰত বিকাশ পৰিষদৰ লগতে ৯ ডিচেম্বৰ ৰ দিনা শিলচৰৰ গুৰুচৰণ কলেজত অনুষ্ঠিতব্য আলোচনা সভাত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰিব দিগন্ত বিশ্ব শৰ্মাদেৱে।

You might also like