নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলৰ ছয় গৰাকী শিক্ষক-কৰ্মচাৰীক বিদায় সম্বধৰ্না

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলত আজি শিক্ষক-শিক্ষয়ত্ৰীৰ উদ্যোগত শিক্ষানুষ্ঠান খনৰ বিভিন্ন সময়ত অৱসৰগ্ৰহণ কৰা শিক্ষক -কৰ্মচাৰীক আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়৷ বিদায় সম্বৰ্ধনা অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰমুখ্যে আন চাৰিগৰাকী সহ-শিক্ষক আৰু এগৰাকী কাৰ্যালয় সহায়কক বিদায় সম্বধৰ্না জনোৱা হয়৷ অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায় সম্বৰ্ধনা জনোৱা উপলক্ষে এখন গুৰুত্বপূৰ্ণ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয়। অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় কৃতী শিক্ষক গোপাল চন্দ্ৰ দেৱৰ পৌৰোহিত্যত আৰম্ভণি গীতেৰে আৰম্ভ কৰা সভাৰ আদৰণি ভাষন ও উদ্দেশ্য ব্যাখ্যা আগবঢ়াই ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলৰ প্ৰধান শিক্ষক মেঘনাথ টায়েই৷

আদৰণি ভাষণত প্ৰধান শিক্ষকগৰাকীয়ে কয়-বহু প্ৰতিকূল পৰিস্থিতি আৰু নানান প্ৰত্যাহ্বানৰ মাজত অনগ্ৰসৰ অঞ্চলত ফ্ৰণ্টিয়াৰ ইউনাইটেড্ হাইস্কুলখন প্ৰতিষ্ঠা কৰি শিক্ষাৰ পোহৰ বিলাই নিজৰ মূল্যবান সময় তথা জীৱন-যৌৱন শেষ কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰী সকলক প্ৰশংসাৰে উপচাই পেলাই অনাগত সময়বোৰ পৰিয়ালৰ সৈতে মধুৰ ভাবে পাৰ কৰাৰ লগতে সমাজৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। ইয়াৰ পাছতে অৱসৰী সকলৰ সম্বধৰ্না অনুষ্ঠান অৰ্থাৎ ৪ জুলাই ২০২১চনত অৱসৰ গ্ৰহণ কৰা শিক্ষানুষ্ঠান খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক দিব্য কুমাৰ মিলি, ৩০ জানুৱাৰী ২০২০ ত অৱসৰ গ্ৰহণ কৰা সহ -শিক্ষক ছত্ৰ কুমাৰ দলে, ১ জানুৱাৰী ২০২১ ত অৱসৰগ্ৰহণ কৰা সহ শিক্ষক নন্দেশ্বৰ পেগু, ২৯ ছেপ্টেম্বৰ ২০২১ ত অৱসৰ গ্ৰহণ কৰা সহশিক্ষয়িত্ৰী পূৰ্ণিমা চেতিয়া, ১ অক্টোবৰ২০২১ ত অৱসৰ গ্ৰহণ কৰা সহশিক্ষক বুদ্ধেশ্বৰ শেনচোৱা আৰু ১ ছেপ্টেম্বৰ ২০২১ অৱসৰগ্ৰহণ কৰা কাৰ্যালয় সহায়ক যোগেন য়েইনক মান পত্ৰ,শৰাই, গ্ৰন্থ,ফুলাম গামোচাৰে এক আৱেগিক পৰিৱেশৰ মাজেৰে বিদায় সম্ভাষণ জনোৱা হয়।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মাছখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক প্ৰশান্ত ভাগৱতীয়ে কয় চৰকাৰী দায়িত্ব আৰু কৰ্তব্য অনুসৰি বিদ্যালয়ত শিক্ষকতা কৰিলেও এগৰাকী শিক্ষকৰ ভূমিকা এখন সমাজত অভিভাৱক স্বৰূপে বহু কৰণীয় থাকে বুলি উল্লেখ কৰি ৬০ বছৰ হোৱাৰ পিচত চৰকাৰী নিয়ম অনুযায়ী চাকৰি জীৱনৰ পৰা আতৰি অহাৰ পাছৰ পৰাহে আমাৰ চাকৰিয়াল সকলৰ প্ৰকৃত জীৱন আৰম্ভ হয়৷ গতিকে অৱসৰগ্ৰহণ কৰা শিক্ষক সকলক আহ্বান জনায় কয় চৰকাৰী চাকৰিৰৰ পৰা অৱৰসৰ ললেই নিজক বূঢ়া হলো নাভাবি অৱসৰগ্ৰহণ কৰাৰ দিনৰ পৰাহে পৃথিৱীত আমি আচল জীৱন লাভ কৰিছোঁ বুলি মানুহ হিচাপে যি কৰণীয় কামবোৰ আছে তাক কৰি যাব বুলি ভাৱিব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷

সম্বৰ্ধনা গ্ৰহণ কৰি ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলত সম্বধৰ্না অনুষ্ঠান, শিক্ষানুষ্ঠান খনৰ প্ৰতিষ্ঠাপক অৱসৰপ্ৰাপ্ত প্ৰধান দিব্য কুমাৰ মিলিয়ে শিক্ষকতা জীৱনৰ ওপৰত আলোকপাত কৰি কয় আৰ্থিক দৈন্যতাৰ মাজেৰে বহু ঘাট-প্ৰতিঘাটক নেওচি শৈক্ষিক জীৱন পাৰ কৰাই আহিছে বুলি বক্তব্য ৰাখি শিক্ষকতা জীৱনৰ বাস্তৱ প্ৰতিচ্ছবিও বক্তব্যত দাঙি ধৰে। লগতে বাকী অৱসৰপ্ৰাপ্ত শিক্ষক সকলেও শিক্ষক জীৱনৰ বিষয়ে আলোপাঠ কৰে৷ ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলৰ সহ-শিক্ষক বিনোদ মৰাঙে আতঁধৰা বিদায় সম্বৰ্ধনা অনুষ্ঠানত ছাত্র ছাত্ৰী সকলৰ মিচিং , নেপালী , বড়ো আৰু বিভিন্ন নৃত্যৰে মুখৰিত কৰি তোলে ৷ আজি বিদায় সম্বৰ্ধনা অনুষ্ঠানত চাবিত্ৰী দলে, জ্যোতি দেৱী, নৱীন চন্দ্ৰ টায়ে, ৰাজ কাপুৰ দলে, নৱ কুমাৰ দলে, গীতা দেৱী, বেনু উপাধ্যায়, ছাত্র,-ছাত্ৰী লগতে বহু সংখ্যক শিক্ষক, শিক্ষয়িত্ৰী উপস্থিত থকা বিদায় সম্বৰ্ধনা সভাখনৰ সভাপতিৰ মন্তব্যৰ পিছতে ফ্ৰন্টিয়াৰ ইউনাইটেড হাইস্কুলৰ প্ৰধান শিক্ষক মেঘনাথ টায়েৰ শলাগৰ শৰাইৰে সভা ভংগ কৰা হয়৷

You might also like