নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাপেখাতীত আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা সা‍ঁত যুৱকক আৰক্ষীৰ আটক

নিয়মীয়া বাৰ্তা, ২৩ মে’: আলফা (স্বাধীন) লৈ অসমৰ যুৱক যুৱতীৰ সোঁত ববলৈ ধৰাত অসম আৰক্ষীৰ লগতে অসমৰ প্ৰশাসন চিন্তিত হৈ পৰা সময়তে চৰাইদেউ জিলাৰ সাতজনকৈ যুৱক আলফা সংগঠনত যোগদান কৰিবলৈ যোৱা অৱস্থাত অসম-অৰুণাচল -নাগালেণ্ড ত্ৰিবেনী সংগম সাপেখাতী অঞ্চলৰ পৰা সাত জন যুৱক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ৰাজ্যৰ ভিন্ন প্ৰান্তত আলফা ( স্বাধীন ) শক্তিশালী কৰাৰ স্বাৰ্থতে আলফাই আৰম্ভ কৰিছে সদস্য ভৰ্ত্তি অভিযান ৷ সদস্য ভৰ্ত্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতেই চৰাইদেউৰ সাপেখাতীত পুনৰ সাতজন যুৱকক আটক লৈ সমগ্ৰ অঞ্চলতে এক তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।৷ আসাম ৰাইফলছ আৰু সাপেখাতী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষষয়া ৰহমানৰ নেতৃত্বত নিশা চলা এক যুটীয়া অভিযানত আটক কৰিবলৈ সক্ষম হয় সাত জন যুৱকক ৷

আৰক্ষী সূত্ৰই  জনোৱা মতে চৰাইদেউ জিলাৰ সাপেখাতী সাপেখাতী মৌজা টাইৰাই গাওঁৰ অশ্বিনী কুমাৰ বৰুৱা (২১) , বাকচু গাওঁৰ দুই ভাতৃ ক্ৰমে আচিচ দাস (১৯) আৰু দেব দাস (১৭) আৰু একে গাওঁৰে যতীন দাস (১৮) , ৩ নং  হাওঁফাওঁ গাওঁৰ নৰ থাপা (৪৮) আৰু একে গাওঁৰে গনেশ ছেত্ৰী (২২), ৰহন গোঁহাই গাওঁৰ পৰা জান বৰগোহাঁই ( ৩৫)  সহ সাতজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।ইতিমধ্যে সাপেখাতী আৰক্ষী থানাত ১৮/২২গোচৰ ৰুজু কৰি ১২০(ব),১২১(এ)আই পি চি ১০/১৩  ধাৰাত সকলোকে চৰাইদেউ আদালত হাজিৰ কৰে।

প্ৰেৰক:- দীপাংকৰ পাল 

You might also like