নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাৱধান! প্ৰৱঞ্চনাৰ জালত ভৰি নিদিব

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ আপোনাৰ সৰলতাৰ সুযোগ ল’ব পাৰে প্ৰবঞ্চকে। গোলাঘাটৰ দেৰগাঁৱত আৰক্ষীৰ জালত দুই প্ৰৱঞ্চক। দীৰ্ঘদিনে জালনোট ব্যৱসায়ৰ লগত জড়িত দুই প্ৰৱঞ্চকক নিশা গ্ৰেপ্তাৰ কৰে দেৰগাঁও আৰক্ষীয়ে। ইছলামনগৰস্থিত বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইজাজুল হুছেইন আৰু ইমৰান হুছেইন নামৰ প্ৰবঞ্চক দুটাক। এই সন্দৰ্ভত আৰক্ষীয়ে কয় যে দুই যুৱকে দীৰ্ঘদিনে ঠগাই আহিছে বহু লোকক। জাল নোট তৈয়াৰ কৰিম বুলি এজন লোকৰ পৰা প্ৰায় ৭লাখ আৰু আন এজন লোকৰ পৰা ২লাখ টকা লুটি নিয়ে ভুক্তভোগী লোকদুজনৰ এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুই যুৱকক।

You might also like