নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুৰৰ পানচৈ শিল্পী সমাজৰ বৰ্ষপূৰ্তি অনুষ্ঠানত বিশিষ্ট কথাসাহিত্যিক ভদ্ৰেশ্বৰ ৰাজখোৱা

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ ‘সংগীতে মানুহক আনন্দ আৰু সাহস যোগাই অহাৰ দৰেই প্ৰেৰণাৰেও উদ্ধুদ্ধ কৰি আহিছে ৷ গীত ভাল নোপোৱা মানুহ কতোৱেই নাই ৷ তেওঁ লাগিলে ৰজাই হওক কিম্বা প্ৰজাই হওক ৷ কিন্তু গীত হ’লেই জানো মানুহে গ্ৰহণ কৰিব ! কিয় কৰিব ? প্ৰথম কাৰণ বৈশিষ্ট্য ৷ তাৰপিছত শ্ৰোতা ৷ তেতিয়াহে মানুহে গায়ক হিচাপে আকোঁৱালি ল’ব ৷ ন’হলে গোটেই নিশা এজন গায়কৰ বাবে দৰ্শক ৰাইজ কিয় বহি থাকিব ! কাৰণ তেওঁৰ বৈশিষ্ট্য আছে ৷’ নগাঁৱৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান সুৰৰ পানচৈ শিল্পী সমাজৰ কালি(২৯ জুলাই) পঞ্চদশ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠানত উক্ত মন্তব্য আগবঢ়াই অসমৰ বিশিষ্ট কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাই ৷

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পদ্মাৱতী দেৱী ফুকননী ছাত্ৰী নিবাসত শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সভাপতি তথা যশস্বী কণ্ঠশিল্পী দিগেন মহন্তৰ পৌৰোহিত্যত বিয়লি চাৰি বজাৰপৰা অনুষ্ঠিত অনুষ্ঠানটিত নিমন্ত্ৰিত সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰাজখোৱাই কথা, সুৰ, বাদ্য আৰু গায়কী এই চাৰিটাৰ সংমিশ্ৰণতহে এটা গীতে সম্পূৰ্ণতা লাভ কৰে বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে আঁত ধৰি আগবঢ়াই নিয়া অনুষ্ঠানটি শিল্পী সমাজৰ জ্যেষ্ঠা শিল্পী প্ৰণতি বৰাই পৰিৱেশন কৰা এটি ভক্তিমূলক গীতেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ হয় ৷

নগাঁৱৰ প্ৰয়াত কবি-গীতিকাৰ বিউটি ৰহমানৰ সোঁৱৰণীত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানটিত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° অমিয়া পাতৰে বিশিষ্ট অতিথি হিচাপে যোগদান কৰি কাব্য-গীতৰ সন্দৰ্ভত এটি শ্ৰুতিমধুৰ বক্তব্য প্ৰদান কৰে ৷ অনুষ্ঠানটিত আন এগৰাকী অতিথি তথা নগাঁও জিলা কবি মঞ্চৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই ‘শিল্পী পবিত্ৰ অন্তৰৰ খোলা মানুহ হ’ব লাগিব বুলি উল্লেখ কৰাৰ লগতে শিল্পীক সহজলভ্য বুলিও দোহাৰি শিল্পীক বিচাৰিলেই সকলোৱে সহজতে কাষতে পায় বুলি মত প্ৰকাশ কৰে ৷ সুৰৰ পানচৈ শিল্পী সমাজৰ বৰ্ষপূৰ্তি অনুষ্ঠানটিত অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কবি মৃদুপৱন বৰা, প্ৰবীন লেখক অশোকৰাম ভট্টাচাৰ্য, কাবেৰী মহন্ত, দীপা পণ্ডিত,দীপিকা নাথ, দেৱযানী শৰ্মা পাঠক, চন্দ্ৰ শইকীয়া, নিৰ্মালি বৰা, ৰুকেয়া চুলতানা আহমেদ, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য, জয়ন্তী বৰা, কবিতা বৰা, আনোৱাৰ পাৰভেজ আৰু অনু কোঁৱৰ সিংহই স্বৰচিত কবিতা আবৃত্তি কৰাৰ বিপৰীতে সংগীত শিল্পী আতিকুৰ ৰহমান, কুমকুম বৰুৱা, কীৰ্তি কৃষ্টি বৰা আৰু দৰদী শিল্পী দিগেন মহন্তই পৰিৱেশন কৰা গীতত শিল্পী সমাজৰ ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি মুখৰিত হৈ পৰে ৷ সন্ধিয়া চাৰে সাত মান বজালৈকে এক নিৰিবিলি পৰিবেশত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানতে অহা পাঁচ বছৰৰ বাবে ৰামধেনু যুগৰ প্ৰবীন কথাশিল্পী ভদ্ৰেশ্বৰ ৰাজখোৱাক মুখ্য উপদেষ্টা, প্ৰথিতযশা শিল্পী দিগেন মহন্তক সভাপতি,শিল্পী কুমকুম বৰুৱাক উপ-সভাপতি, আতিকুৰ ৰহমানক কাৰ্যকৰী সভাপতি, প্ৰাঞ্জল বৰদলৈক সম্পাদক, দীপা পণ্ডিতক সহকাৰী সম্পাদক, প্ৰণতি বৰাক সাংস্কৃতিক সম্পাদক, জয়ন্তী বৰাক পত্ৰিকা সম্পাদক, কীৰ্তি কৃষ্টি বৰাক সাংগঠনিক সম্পাদকৰ লগতে কেইবাগৰাকী শিল্পী-সাহিত্যিকক উপদেষ্টা আৰু কাৰ্যকৰী সদস্য হিচাপে লৈ সুৰৰ পানচৈ শিল্পী সমাজৰ নতুন সমিতিখন গঠন কৰা হয় ৷

You might also like