নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ‘পেঞ্চন সেৱা কেন্দ্ৰ’’ মুকলি মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ “পেঞ্চন সেৱা কেন্দ্ৰ হৈছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে পেঞ্চনৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি ভূগি অহা দুখ-কষ্ট তথা বিভিন্ন অসুবিধা হ্ৰাস কৰাৰ এক বৃহৎ প্ৰয়াস ৷ অতি সৰলীকৃত প্ৰক্ৰিয়াৰে যাতে পেঞ্চন লাভ কৰিব পাৰে তাৰবাবে ৰাজ্য চৰকাৰে কৰা এক অভিনৱ প্ৰচেষ্টা ৷ এই সেৱা কেন্দ্ৰৰ জৰিয়তে নিজ নিজ জিলাতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে পেঞ্চনৰ সৈতে জড়িত সকলোবোৰ কাম-কাজ কৰিব পাৰিব ৷ এমট্ৰনে অনলাইন কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেঞ্চন সম্পৰ্কীয় বিষয় সন্নিৱিষ্ট আবেদন দাখিল কৰাৰ লগতে ছাৰ্ভিচ বুক স্কেন/ আপলোড কৰাৰ সুবিধাৰ বাবে পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে।’’ আজি ধুবুৰীস্থ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এটি “পেঞ্চন সেৱা কেন্দ্ৰ”ৰ আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি এইদৰে কয় ধুবুৰী জিলাৰ অভিভাৱক তথা অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ আদি বিভাগৰ মন্ত্ৰী  ৰঞ্জিত  কুমাৰ দাসে। আজিৰ সেই কাৰ্য্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা এখন সভাত নিজৰ ভাষণ প্ৰসংগত এই পেঞ্চন সেৱা কেন্দ্ৰটোৰে আগন্তুক দিনত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল পেঞ্চনৰ লাভৰ ক্ষেত্ৰত উপকৃত হ’ব বুলিও আশা প্ৰকাশ কৰাও পোৱা যায় মন্ত্ৰীগৰাকীয়ে। আজিৰ অনুষ্ঠানত ধুবুৰী জিলাৰ উপায়ুক্ত অন্বামুথন এম পি, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডা৹ দেৱময় সান্যাল, গোলকগঞ্জ বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বিনী ৰয় সৰকাৰ, বিশিষ্ট সমাজকৰ্মী প্ৰসেনজিৎ দত্তকে ধৰি জিলা প্ৰশাসনৰ অন্যান্য বিষয়াবৰ্গ আৰু স্থানীয় মান্যগন্য ব্যক্তি উপস্থিত আছিল।

You might also like