নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘স্বাধীনতাৰ ৭৫ বছৰঃ ১৫ আগষ্টলৈকে আপোনাৰ DPত লগাওক ত্ৰিৰংগ’ – মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰবাৰ মন কী বাত কাৰ্যসূচীৰ জৰিয়তে দেশবাসীৰ সৈতে মত বিনিময় কৰে। এইবাৰ প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱ কাৰ্যসূচীৰ বিষয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এইবাৰ ‘মন কী বাত’ অতি বিশেষ। কিয়নো এইবাৰ ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিব। আমি সকলোৱে এক অতি সুন্দৰ আৰু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ ওলাইছোঁ। দেশৰ বাবে প্ৰাণ ত্যাগ কৰা সকলো মহান বিপ্লৱীলৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে “স্বাধীনতাৰ অমৃত মহোৎসৱে গণ আন্দোলনৰ ৰূপ লোৱা দেখি মই অতি আনন্দিত হৈছো। সকলো স্তৰৰ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে ইয়াৰ সৈতে জড়িত বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ হিচাপে ১৩ৰ পৰা ১৫ আগষ্টলৈ এক বিশেষ আন্দোলন ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ আয়োজন কৰা হৈছে। এই আন্দোলনৰ অংশ হৈ অনুগ্ৰহ কৰি ১৩ৰ পৰা ১৫ আগষ্টলৈকে আপুনিও আপোনাৰ ঘৰত ত্ৰিৰংগা উত্তোলন কৰিব, নহ’লে আপোনাৰ ঘৰত ৰাখিব। ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আমি সকলোৱে আমাৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইল পিকচাৰত ত্ৰিৰংগা দিব পাৰিম।”

খেলুৱৈ আৰু ছাত্ৰ-ছাত্ৰীক লৈ প্ৰধানমন্ত্ৰীৰ মন্তব্য-

আজি আমাৰ যুৱক-যুৱতীসকলে প্ৰতিটো ক্ষেত্ৰতে, দেশক গৌৰৱান্বিত কৰিছে। চলিত মাহত পিভি সিন্ধুৱে প্ৰথমবাৰৰ বাবে ছিংগাপুৰ অ’পেন খিতাপ দখল কৰিছে। নিজৰ উৎকৃষ্ট প্ৰদৰ্শন অব্যাহত ৰাখি নীৰজ চোপ্ৰাই বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপতো দেশৰ হৈ ৰূপৰ পদক লাভ কৰিছে।

চেন্নাইত ৪৪ সংখ্যক দবা অলিম্পিয়াড আয়োজন কৰাটোও ভাৰতৰ বাবে এক বৃহৎ সন্মান। এই প্ৰতিযোগিতাখন ২৮ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সৌভাগ্য হ’ল। কিছুদিন আগতে দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলো সমগ্ৰ দেশতে ঘোষণা কৰা হৈছে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰে সফলতা লাভ কৰিছে, সেই সকলো ছাত্ৰ-ছাত্ৰীক মই অভিনন্দন জনাইছোঁ।

You might also like