নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত সুলভ মূল্যৰ চাউল বিতৰণত ব্যাপক অনিয়ম, ৰেচন কাৰ্ড লৈ ৰাইজৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে মহামাৰীৰ ক’ৰোনাৰ আতংক৷ ইয়াৰ সমান্তৰালভাৱে বানৰ বিভীষিকাই ৰাইজক জলা-কলা খুৱাইছে৷ ধেমাজি জিলাৰো জোনাইতো এইবাৰ বানে ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰি ৰাইজলৈ দুৰ্যোগ নমাই আনে৷ ৰাইজৰ এনে দুৰ্যোগৰ সময়ত কিছু সকাহ দিবলৈ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে বিনামূলীয়া চাউল প্ৰদান কৰে৷

কিন্তু এনে  সংকটৰ সময়তো এচাম সুবিধাবাদী লোকে লুন্ঠনৰ বাট এৰা নাই৷ জোনাইত এচাম সুলভ মূল্যৰ দোকানীয়ে দুখীয়া ৰাইজৰ বাবে দিয়া বিনামূলীয়া চাউল আত্মসাৎ কৰাৰ এক অভিযোগ আনিছে জোনাই লংলুং গাঁৱৰ ৰাইজে৷ লংলুং গাঁৱৰ সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীৰ বাবে অনা চাউল ৰাইজৰ মাজত বিতৰণ নকৰি গোপনে আত্মসাতৰ চেষ্টা কৰিবলৈ লোৱাত বুধাবৰে অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিবাদ কৰি এক সভা অনুষ্ঠিত কৰে৷

দোকানীজনে জুলাই আৰু  আগষ্ট মাহত দুবাৰকৈ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগে যদিও দুয়োটা মাহতে মাত্ৰ এবাৰকৈ চাউল বিতৰণ কৰিয়ে দায়িত্ব সামৰে৷ কিন্তু ৰাইজে নিজৰ  পাব লগা চাউল বিচৰি গ’লে  নানা অজুহাত দেখুৱাৰ উপৰি ৰাইজক অভদ্ৰ আচৰণ কৰে বুলি ৰাইজে অভিযোগ আনে৷

ইয়াৰ প্ৰতিবাদত ৰাইজে  সভা অনুষ্ঠিত কৰি জোনাইস্থিত মহকুমা খাদ্য অসামৰিক যোগান বিভাগত অভিযোগ দিয়ে যদিও বিভাগটোৰ বিষয়াসকলে দোকানীজনক ৰক্ষণা-বেক্ষণৰ চেষ্টা কৰা বুলি অভিযোগ আনে৷

দোকানীজনৰ এনে মইমতালিত অতিষ্ঠ হৈ বুধবাৰে অঞ্চলটোৰ ৰাইজে এক সভাৰ অনুষ্ঠিত কৰি দোকানী দেৱকান্ত পেগুৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে হাতে হাতে ৰেচন কাৰ্ডলৈ তীব্ৰ প্ৰতিবাদ কৰে৷

You might also like