নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাড়চূড়াত চাহ গছ সম্বৰ্ধনা অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ২ মে: শোণিতপুৰৰ বালিপৰাৰ হাড়চূড়াত চাহ বাগিছাত আজি মে দিৱসৰ লগত সংগতি ৰাখি চাহ গছ সম্বৰ্ধনা বিষয়ক এক ব্যতিক্ৰমী সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয় । গুডৰিক গ্ৰুপ লিমিটেড হাড়চূড়া চাহ বাগিছাৰ উদ্যোগত অনুষ্ঠিত সজাগতামূলক অনুষ্ঠানটোত চাহ গছৰ গুৰুত্ব, চাহ গছ ৰোপণ আৰু প্ৰতিপালন, চাহ গছ সংৰক্ষণ আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয় । একেদৰে অনুষ্ঠানৰ লগত সংগতি ৰাখি “One cup with positivity :: TEA with everybody”. শীৰ্ষক এক চাহ মেলত চাহ শ্ৰমিকৰ সৈতেও মত বিনিময় কৰা হয় । অনুষ্ঠানটোত এবিটা য’ন ৩ ৰ সম্পাদক মৃন্ময় বৰুৱা, সহকাৰী সম্পাদক আদিত্য চক্ৰৱৰ্তী, এ চি এম এছৰ তেজপুৰ শাখাৰ সম্পাদককে আদি কৰি চাহ বাগিছাখনৰ বিভিন্ন বিষয়াবৰ্গ, চাহ শ্ৰমিকসকল উপস্থিত থাকে ।

You might also like