নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বিদ্যালয়ৰ বাহনত অগ্নিসংযোগ

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ যোৱা নিশা হোজাইৰ আদৰ্শ নগৰৰ জাতীয় বিদ্যালয়ত অঘটন। বিদ্যালয় প্ৰাংগণৰ থকা এখন বাহন সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয় । এই অগ্নিকাণ্ডত বিদ্যালয়ৰ একাংশৰো আংশিক ক্ষতি হয়। কোনো দুৰ্বৃত্তই বিদ্যালয়ৰ প্ৰাংগণত থকা বাহনখন জ্বলাই থৈ যোৱা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। নিশা প্ৰায় দুই মান বজাত এই ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে মন্তব্য কৰে । এই সংক্ৰান্তত আৰক্ষীয়ে কেইবাজনো লোকক আৰক্ষীয়ে সোধ পোচ কৰে । দুস্কৃতিকাৰিয়ে বিদ্যালয় খনৰ চৌহদৰো ক্ষতি সাধন কৰে । উল্লেখ্য যে, পূৰ্ব নিশাও বিদ্যালয় খনত দুস্কৃতিকাৰিয়ে সা-সামগ্ৰীৰ ক্ষতি সাধন কৰিছিল। এই সংক্ৰান্তত বিদ্যালয় কৰ্তৃপক্ষই হোজাই থানাত এক গোচৰ ৰুজু কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।

You might also like