নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত মহিলা আৰু কন্যা সন্তানৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা ৰেলী

নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ সমাজ কল্যাণ বিভাগৰ অধিনস্থ খাগৰিজান আৰু নগাঁও আৰবান শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত আজি নগাঁও চহৰত এক সজাগতা ৰেলী উলিওৱা হয় ৷ মহিলা আৰু কন্যা সন্তানৰ ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে এই সজাগতা ৰেলী উলিয়াওৱা হয় ৷নগাঁও চহৰৰ নেহেৰুৱালীৰ পৰা উলিওৱা এই সমদলে চহৰ খনৰ বিভিন্ন স্থান পৰিভ্ৰমন কৰে ৷ অঙ্গনবাদী কৰ্মী, সহায়িকাসকলৰ সহযোগত উলিওৱা এই সমদলত অংশগ্ৰহণ কৰা সমদলকাৰীসকলে বিভিন্ন ধ্বৰ্নি দি ৰাজপথ উত্তাল কৰি তোলে ৷ বাল্যবিবাহ বন্ধ কৰক,মহিলা ওপৰত চলা নিৰ্যাতন বন্ধ কৰক, কন্যা শিশুৰ ওপৰত চলা নিৰ্যাতন বন্ধ কৰক, মহিলা, কন্যা ওপৰত চলা নিৰ্যাতনৰ বিৰুদ্ধে ৰাইজ সজাগ হওক আদি ধ্বৰ্নি দিয়া পৰিলক্ষিত হয় ৷ সমদলকাৰী সকলে দুখন বাটৰনাট প্ৰদৰ্শন কৰে ৷

You might also like