নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিমত ৱৰ্কআউট কৰি থকা সময়তে কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ হাৰ্ট এটেক, AIIMS ত ভৰ্তি

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ বিখ্যাত কমেডিয়ান ৰাজু শ্ৰীবাস্তৱৰ স্বাস্থ্য হঠাৎ অৱনতি ঘটে। বৰ্তমান তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে ৰাজু শ্ৰীবাস্তৱে যেতিয়া জিমত ৱৰ্কআউট কৰি আছিল, সেই সময়ছোৱাত হাৰ্ট এটেক হৈছিল।

ট্ৰেডমিলত দৌৰি থাকোঁতে বন্ধ হৈছিল হৃদযন্ত্ৰ

আজি পুৱাৰ ভাগত ৰাজু শ্ৰীবাস্তৱে জিমত ট্ৰেডমিলত দৌৰি আছিল। এই সময়ত তেওঁ বুকুত বিষ অনুভৱ কৰিছিল, তাৰ পিছত তেওঁ তললৈ পৰি যায়। লগে লগে ৰাজু শ্ৰীবাস্তৱক চিকিৎসালয়লৈ লৈ যোৱা হয়। একে সময়তে ৰাজু শ্ৰীবাস্তৱৰ পি আৰ অ’ অজিত চাক্সেনাই জনোৱা মতে তেওঁ ব্যক্তিগত কামৰ সন্দৰ্ভত দিল্লীত আছিল। বুধবাৰে পুৱা তেওঁ জিমলৈ গৈছিল। তাতে হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে।

উল্লেখ্য যে ৰাজু শ্ৰীবাস্তৱে বলীউডৰ ছবিত সৰু সৰু চৰিত্ৰত অভিনয় কৰি কেৰিয়াৰ আৰম্ভ কৰিছিল। ৰাজু শ্ৰীবাস্তৱে দ্য গ্ৰেট ইণ্ডিয়ান লাফ্টাৰ চেলেঞ্জৰ জৰিয়তে কমেডীত প্ৰৱেশ কৰে। ‘বিগ বছ ৩’, ‘নাচ বলিয়’ আৰু ‘কমেডি নাইটছ উইথ কপিল’ৰ দৰে অনুষ্ঠানৰ অংশও আছিল ৰাজু শ্ৰীবাস্তৱ।

You might also like