নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ টকালৈ কমিল কেঁচা চাহপাতৰ দৰঃ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ অৱস্থা

নিয়মীয়া বাৰ্তা, ১৯অক্টোবৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য  আকাশলঙ্ঘী হোৱাৰ সময়তে একেবাৰে নিম্নগামী হৈছে কেঁচা চাহপাতৰ দৰ। কেঁচা পাতৰ গুণগত মানৰ দোহাই দি মধ্যভোগীসকলে প্রতিকেজি চাহপাতৰ মূল্য ১০ ১১– টকালৈ কমাই দিয়াত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। অসমত চাহ খেতিৰে অৰ্থনৈতিক পৰিৱৰ্তন আৰু বিপ্লৱৰ সূচনা কৰা ডেৰ লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কে এতিয়া নিজৰ উৎপাদিত কেঁচা চাহপাতৰ উচিত মূল্য লাভ নকৰাত মূৰে কঁপালে হাত দিব ল’গা পৰিৱেশৰ সৃষ্টি হৈছে। উৎপাদন ব্যয়তকৈ ৫-৬ টকা কমমূল্যত অর্থাৎ ১০-১১ টকাকৈ বৰ্তমান খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিবলগা হোৱাত আর্থিকভাৱে ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে কৃষকসকল।
উল্লেখ্য, বর্তমান ক্ষুদ্র চাহ খেতিয়কৰ কেঁচাপাতৰ সমগ্ৰ বজাৰখন এচাম মধ্যভোগী, বৃহৎ চাহগোষ্ঠী আৰু বটলিফ ফেক্টৰীৰ হাতৰ মুঠিত। মূৰৰ ঘাম মাটিত পেলাই নিজৰ শ্ৰমৰ বিনিময়ত উৎপাদন কৰা ৰাজ্যখনৰ ডেৰ লক্ষাধিক ক্ষুদ্র চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহপাতৰ মূল্য এচাম মধ্যভোগী দালাল, বৃহৎ চাহ কোম্পানী আৰু বট্‌লিফ ফেক্টৰীয়ে নিৰ্ধাৰণ কৰাত খেতিয়কসকল সংকটৰ সন্মূখীন হৈছে। অসমৰ উৎপাদিত মুঠ চাহৰ ত্ৰিশ শতাংশৰ অধিক ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰাৰ লগতে জাতীয় আয়লৈ প্রভূত বৰঙণি আগবঢ়োৱাৰ পাছতো চৰকাৰখনে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ প্ৰতি অলপো সহমর্মিতা প্রকাশ কৰা নাই। ফলত একাংশ কলিকতীয়া বৃহৎ চাহ কোম্পানী আৰু বট্‌লিফ ফেক্টৰীৰ আঙুলিৰ ঠাৰত ৰাজ্যখনৰ লক্ষাধিক ক্ষুদ্র চাহ খেতিয়কে নাচিব লগা হৈছে। বৃহৎ চাহ গোষ্ঠী আৰু বট্‌লিফ ফেক্টৰীসমূহৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতে ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত কেঁচাপাতৰ দৰ নিৰ্ধাৰণ হয়। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট এই ছখন জিলাত সৰ্বাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ দ্বাৰা উৎপাদিত কেঁচাপাত উৎপাদন হয়। চলিত চিজনৰ আগষ্ট মাহৰ শেষলৈকে ক্ষুদ্ৰ চাহ খেতিয়কে তেঁওলোকৰ উৎপাদিত কেঁচাপাতৰ মূল্য প্রতি কেজিত ২০-৩০ টকাপর্যন্ত লাভ কৰিছিল যদিও আগষ্ট মাহৰ শেষাৰ্ধৰ পৰা কেঁচাপাতৰ দাম কমি আহি ছেপ্টেম্বৰ মাহত ১৫-১৬ টকা হয় যদিও ছেপ্টেম্বৰ মাহত কেঁচাপাতৰ মূল্য অভাৱনীয়ভাৱে কমি আহি বৰ্তমান পাতৰ মূল্য ১০-১১ টকালৈ নামি অহাত খেতিয়কসকলৰ মাজত হাহাকাৰ লাগিছে। বিশেষকৈ দুৰ্গা পূজাৰ সময়ত কেইবাদিনো বাগিচাসমূহৰ কাম-কাজ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত কেঁচাপাতৰ গুণগত মান কমি অহাৰ অচিলা লৈ মধ্যভোগী শ্ৰেণীটোৱে কেঁচাপাতৰ দুগুণ-তিনিগুণপর্যন্ত কমাই দিয়ে।
উল্লেখ্য, জিলা প্ৰশাসনৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কেঁচা চাহপাতৰ দৰ নিৰ্ধাৰণৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আনুষংগিক সমস্যা সমাধানৰ বাবে এজন জিলা মণিটৰিং কমিটী গঠন কৰা হৈছিল যদিও মধ্যভোগী শ্ৰেণীটোৱে জিলা মণিটৰিং কমিটীৰ কোনো নিৰ্দেশ কার্যকৰী নকৰে। বিশেষকৈ চৰাইদেউ জিলাত জিলা মণিটৰিং কমিটীয়ে বিগত মে’ মাহতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰি প্রতিকেজি কেঁচাপাতৰ বিপৰীতে সর্বনিম্ন ২৭ টকা নির্ধাৰণ কৰিছিল। কিন্তু ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচপাত ক্ৰয় কৰা মধ্যভোগীয়ে মণিটৰিং কমিটীৰ নিৰ্দ্দেশক বুঢ়া আঙুলি দেখুৱাই প্ৰতিকেজি কেঁচা চাহপাত ১০-১১ টকাকৈ ক্ৰয় কৰিছে। আনহাতে, কালি পুনৰ চৰাইদেউ জিলা উপায়ুক্তৰ কাৰ্যালয়ত চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ পৌৰহিত্যত জিলাখনৰ চাহ বাগিচাসমূহৰ কৰ্তৃপক্ষ, বটলিফ ফেক্টৰী সন্থাৰ প্ৰতিনিধি আৰু ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিবর্গৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত ৪০ শতাংশ গুণগত মানৰ কেঁচাপাতৰ নিম্নতম সমৰ্থন মূল্য ২৭ টকা নিৰ্ধাৰণ কৰে। উল্লেখ্য, চৰকাৰে এনেদৰে সভা অনুষ্ঠিত কৰি কেঁচা চাহপাতৰ মূল্য নির্ধাৰণ কৰে যদিও গুণগত কেঁচাপাত যোগান ধৰিলেও বাগিচাৰ কলঘৰ বা ব্যক্তিগত কলঘৰসমূহে খেতিয়কক উচিত মূল্য দিব নিবিচাৰে বুলি ক্ষুদ্র চাহ খেতিয়কসকলে অভিযোগ উত্থাপন কৰিছে। স্মতব্য, ৰাসায়নিক সাৰ, কীটনাশক দৰৱ, শ্ৰমিকৰ মজুৰিকে ধৰি আনুষংগিক সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত উৎপাদন ব্যয়তকৈ কম মূল্যত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেঁচাপাত বিক্ৰী কৰিব লগা হোৱাত খেতিয়কসকল হতাশ হৈ পৰিছে।
অসমৰ ভয়াৱহ নিৱনুৱা সমস্যা দূৰ কৰা, লাখ লাখ কর্মহীন শ্রমিকক ভাত-কাপোৰৰ যোগান ধৰি ৰাজ্যখনৰ আৰ্থ-সামাজিক বুনিয়াদ শক্তিশালী কৰা ক্ষুদ্র চাহ শিল্পক বণিক গোষ্ঠীৰ হাতোৰাৰ পৰা উদ্ধাৰ কৰিবলৈ ৰাজ্যখনৰ ডেৰ লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক দাবী জনাইছে।
You might also like