নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ নিৰ্বাচনৰ পূৰ্বে অংগনবাড়ী কৰ্মী, সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে চৰকাৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ

মাৰ্ঘেৰিটাত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ সংবাদমেল

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ মাৰ্ঘেৰিটাত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে আজি এক সংবাদমেলৰ জড়িয়তে তেওঁ‌লোকৰ যি দীৰ্ঘদিনীয়া দাবী চাকৰী নিয়মীয়াকৰন, মাহেলী দৰমহা স্থায়ীকৰনৰ লগতে বিভিন্ন সমস্যা শীঘ্ৰেই সমাধানৰ বাবে চৰকাৰক আহবান জনাইছে ৷ অঙ্গঁনবাড়ী কৰ্মী-সহায়িকা সকলৰ চাকৰী নিয়মীয়াকৰন, মাহেলী দৰমহা স্থায়ীকৰনৰ লগতে বিভিন্ন সমস্যা সমাধানৰ দাবীত কৰ্মী-সহায়িকা সকলে বিভিন্ন সময়ত চৰকাৰক হেচা প্ৰয়োগ কৰি আহিছে ৷ বিভিন্ন সময়ত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীওঁ ৰূপায়ন কৰি আহিছে কৰ্মী-সহায়িকা সকলে ৷ কিন্তু চৰকাৰে আজিকুপতি কৰ্মী সকলৰ দাবী সমূহ সমাধানৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ উঠিছে ৷ পৰিপেক্ষিতত ৰাজ্যজুৰি অব্যাহত আছে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলৰ প্ৰতিবাদ কাৰ্যসূচী ৷

মাৰ্ঘেৰিটাত অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে আজি এক সংবাদমেলৰ জড়িয়তে তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী – চাকৰী নিয়মীয়াকৰন-মাহেলী দৰমহা স্থায়ীকৰন, চাকৰী নিয়মীয়াকৰন নোহোৱা পৰ্যন্ত সহায়িকা সকলৰ মাননী কৰ্মী সকলৰ তুলনাত ৫০ শতাংশৰ পৰিৱৰ্তে ৮০ শতাংশলৈ বৃদ্ধি কৰা, চৰকাৰীকৰন নকৰা পৰ্যন্ত ৭৫ শতাংশ পদ সংৰক্ষনৰ ব্যৱস্থাৰে কৰ্মীক মুখ্য সেৱিকা পদলৈ পদোন্নতি দিয়া, ২০২১ শিক্ষা নীতিৰে অতিৰিক্ত ভাৱে জাপি দিবলৈ লোৱা শ্ৰেনী ১ আৰু শ্ৰেনী ২ ত কৰ্মী সহায়িকা সকলৰ স্থিতি স্পষ্ট কৰাৰ লগতে অন্যান বিভিন্ন দাবী সমাধানৰ ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহন কৰিবলৈ আহবান জনাই ৷

লগতে কৰ্মী আৰু সহায়িকা সকলে চৰকাৰক শীৰ্ঘেই মাননীৰ পৰৱৰ্তে দৰমহা প্ৰদান কৰিবৰ বাবে দাবী উত্থাপন কৰে ৷ অন্যথা ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী আৰু সহায়িকা সকলে দাবী বিজেপি নেতৃত্ববিহীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহন কৰিবলৈ বাধ্য হ’ব বুলি সদৌ অসম অঙ্গনবাড়ী কৰ্মী সহায়িকা সন্থাৰ অসম ৰাজ্যিকৰ সম্পাদিকা ভাৰতী বৰগোহাঁই গগৈ আৰু অসম ৰাজ্যিকৰ উপ সভানেত্ৰী দীপালী গগৈ বৰুৱাই আঁ‌ত ধৰা সংবাদমেলখনৰ জৰিয়তে চৰকাৰক হুংকাৰ প্ৰদান কৰে।

You might also like