নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

 জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান

ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষৰ দ্বাৰা স্থাপন কৰা হ'ল আধাৰশিলা স্থাপন,

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ৰাজ্যখনত অসম ৰাজ্যিক পৰিৱহণ বাছ সেৱা আৰম্ভ হোৱাৰে পৰা দুৰনিবতিয়া যাত্ৰী সকলৰ বাবে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম অৰুণাচল সীমামূৰীয়া জাগুনত এটা ASTCৰ বাছ আস্তান দাবী ৰাইজে কৰি আহিছিল। স্বাধীনতাৰ ৭৩ বছৰ অন্তত পুন প্ৰথম বাৰৰ বাবে অসম ৰাজ্যিক পৰিৱহণৰ এটা বাছ আস্থান জাগুন এ পি বি এন কেম্পৰ সমীপত নিৰ্মান হ’ব। আজি ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষৰ দ্বাৰা স্থাপন কৰা হল বাছ আস্থানৰ আধাৰশিলাৰ । জাগুনৰ ৰাইজৰ দীৰ্ঘ দিনীয়া আশা এতিয়া সম্পূৰ্ণ হোৱাৰ পথত।।

জাগুনৰ এ পি বি এন কেম্পৰ সমীপত ২১ লাখ ৫৩ হাজাৰ টকাৰ পুঁজিৰে নিৰ্মান হ’ব অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থান। বাছ আস্থানৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায় উপস্থিত থকাৰ লগতে বিধায়ক ভাস্কৰ শৰ্মাৰ প্ৰতিনিধি দিছেন টিপমীয়া,অভিযন্তা ৰাতুল বৰা,নিৰীক্ষণ বিষয়া সত্যজিৎ গগৈ,বিভিন্ন জিলাৰ সংমণ্ডল অধীক্ষক,চক্ৰ বিষয়া সোণবৰ চুতীয়া,সমাজ সেৱক প্ৰদীপ আগৰৱালা,জাগুন জিলা পৰিষদৰ সদস্য বোধ প্ৰকাশ উপাধ্যায়,জাগুন পঞ্চায়তৰ সভাপতি দীপক শৰ্মা,বিজেপিৰ মাৰ্ঘেৰিটা ব্লক মণ্ডলৰ সভাপতি ভবেশ দত্তৰ লগতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ বহু বিষয়া ,কৰ্মচাৰীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

সভাত উপস্থিত সকলো সন্মানীয় বিষয়াক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অধ্যক্ষ অশোক ভটৰায়ে আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা মাংগলিক ৰীতি নীতিৰে কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে আধাৰশিলা স্থাপনৰ লগত সংগতি ৰাখি অনুষ্ঠিত সভাত ভটৰায়ে ভাষণ প্ৰসংগত কয় যে জাগুনত এটা আস্থান নিৰ্মান হলে স্থানীয় ৰাইজ বিশেষকৈ দুৰনিবতিয়া যাত্ৰীৰ বাবে বহু পৰিমানে উপকৃত হ’ব বুলি তেওঁ উল্লেখ কৰে।

You might also like