নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰংজুলিত দুৰ্গোৎসৱৰ মাজতে এশ ছাত্ৰ-ছাত্ৰীক অভিনন্দন

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ:  ৰংজুলি কেন্দ্ৰ উন্নয়ন সমিতিৰ সৌজন্যত অনুষ্ঠিত *ৰংজুলি সাৰ্বজনীন দুৰ্গোৎসৱত* ব্যতিক্ৰমী কাৰ্যসূচী !

শাৰদীয় দুৰ্গা পূজাৰ সৈতে সংগতি ৰাখি এশ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় l
দুৰ্গা পূজাৰ মণ্ডপতে ২০২০ আৰু ২০২১ বৰ্ষত কৃতিত্বৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উতীৰ্ণ হোৱা এশ গৰাকী শিক্ষাৰ্থীক গামোচা, মানপত্ৰ আৰু গ্ৰন্থৰ টপোলাৰে অভিনন্দন জনায় ৰংজুলি কেন্দ্ৰ উন্নয়ন সমিতি তথা সাৰ্বজনীন দুৰ্গোৎসৱ সমিতিয়ে  l
স্বপন কুমাৰ ৰাভাৰ পৌৰহিত্যত অনুষ্ঠিত  অনুষ্ঠানত দুধনৈ কলেজৰ অধ্যক্ষ ড০ ললিত চন্দ্ৰ ৰাভা, বিকালী কলেজৰ অধ্যক্ষ ড০ মনোজ গগৈ, অৱসৰপ্ৰপ্ত অধ্যক্ষ ৰোহিনী কুমাৰ পাঠক, অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ বাণীকান্ত ৰাভাকে ধৰি কেইবা গৰাকীও শিক্ষাবিদ, বিশিষ্ট ব্যক্তি  উপস্থিত থাকে I
পুজাৰ মাজতে সন্মান লাভ কৰি উৎফুল্লিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল I

Input: কল্যাণ ৰয়

You might also like