নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহা সপ্তমীঃ যোগীঘোপাত ৯ খন পূজা মণ্ডপত দুৰ্গোতিনাশিনীৰ আৰাধনা

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ- আজি মহা সপ্তমী ।কোভিড পৰিস্থিতিৰ বাবে শাৰদীয় দুৰ্গোৎসৱৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে দিয়া কেতবোৰ নিৰ্দেশাৱলীৰ পৰিপ্ৰেক্ষিতত এইবেলি বঙাইগাঁও জিলাৰ যোগীঘোপাৰ প্ৰায়বোৰ পুজা মণ্ডপত আজিৰ দিনটোত ভক্তিপ্ৰাণ ৰাইজৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হয় । অঞ্চলটোৰ মুঠ ৯ টা পুজা মণ্ডপৰ প্ৰায় কেইটাতে দুৰ্গোৎসৱৰ পুৰ্বৰ জাকজমকতা দেখা নগ’ল । এইবেলি কোভিডৰ বাবে প্ৰশাসনে পুজা মণ্ডপ সমুহত মেলা অনুষ্ঠিত কৰিবলৈ অনুমতি নিদিয়াত ভক্তিপ্ৰাণ ৰাইজে পুজাৰ মণ্ডপত মাত্ৰ ধৰ্মীয় ৰীতি-নীতি সম্পন্ন কৰিয়েই ঘৰমুৱা হোৱা পৰিলক্ষিত হৈছে ।

টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like