নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ কর্ম ক্ষেত্রত নতুন কোনো সমস্যাই দেখা দিব৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ প্রেমত ভাল৷ শুভ ৰং ৰঙা, সংখ্যা ২৷ আজি মিঠাইৰে শৰাই আগবঢ়াব৷
বৃষঃ আর্থিক দিশত উন্নতি ঘটিব যদিও খৰচৰ মাত্রা বৃদ্ধি পাব, প্রেম আৰু দাম্পত্যত অশুভ দেখা যায়৷ শুভ সংখ্যা ৭৷ ৰঙা ৰঙৰ বস্ত্র ধাৰণ কৰি মা দুর্গাৰ সেৱা ল’ব৷
মিথুনঃ বিপদত বন্ধুৰ পৰা সহায় আশা কৰিব পাৰে৷ ব্যৱসায়ত আশা অনুৰূপ ফল নাপাব৷ বিদ্যার্থীসকলৰ ভাল৷ শুভ ৰং নীলা, সংখ্যা ২৷ কুমাৰী ছোৱালীক ভোজন কৰাব৷
কর্কটঃ মানসিক অশান্তিৰ কাৰণে দৈনন্দিন কর্মত ক্ষতি ব্যৱসায়ত আশা কৰামতে ফল নাপাব৷ বিদ্যার্থীসকলে ভাল ফল পাব৷ শুভ ৰং আকাশী নীলা, সংখ্যা ৬৷ দুর্গা মাক ৰক্ত জবাফুল অর্পণ কৰিব৷
সিংহঃ সৰু–সুৰা বেমাৰ–আজাৰত ভুগিব পাৰে৷ ব্যৱসায় বাণিজ্যত উন্নতিৰ যোগ৷ প্রেমত সন্মান হানিৰ যোগ৷ শুভ ৰং মেৰুন, সংখ্যা ৮৷ এখন ৰঙাবস্ত্র মহিলাক দান কৰক৷
কন্যাঃ এই ৰাশিৰ জাতক–জাতিকাই আজি লঘোণত থাকি দেৱী দুর্গামাক পুষ্পাঞ্জলি প্রদান কৰিব৷ শুভ ৰং বগা, সংখ্যা ২৷
তুলাঃ গৃহ কন্দলৰ কাৰণে কর্মক্ষেত্রত বাধা আর্থিক সমস্যা দেখা দিব পাৰে৷ দিনটো পৰিশ্রম অনুযায়ী ফল নাপাব৷ শুভ ৰং সেউজীয়া, সংখ্যা ১৷ নৱবস্ত্র ধাৰণ কৰি দুর্গা মাৰ দর্শন কৰিব৷
বৃশ্চিকঃ আজি ক’ৰবাত যাত্রাৰ পৰিকল্পনা বাতিল কৰাই ভাল৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ সন্তানৰ প্রতি নজৰ ৰাখক৷ শুভ ৰং সোণালী, সংখ্যা ৮৷ দুখীয়াক এক বস্ত্র দান কৰি দুর্গামাৰ ওচৰত সেৱা ল’ব৷
ধনুঃ হতাশাৰে দিনটো পাৰ হ’ব, শাৰীৰিক দিশত বিশেষভাৱে ভালেই দেখা যায়৷ ভ্রমণত অশুভ৷ শুভ ৰং বগা, সংখ্যা ১৷ গোসানীক পুষ্পাঞ্জলি দিবলৈ নাপাহৰিব৷
মকৰঃ আজি নতুন কামত হাত দিব পাৰে৷ কর্মক্ষেত্রত সহবাসীৰ পৰা প্রতাৰিত হ’ব পাৰে৷ ব্যৱসায়–বাণিজ্যত উন্নতিৰ যোগ৷ শুভ ৰং ৰঙা, সংখ্যা ২৷ দুর্গামাক সেন্দূৰ আৰু অপৰাজিতা ফুল অর্পণ কৰক৷
কুম্ভঃ পৰিয়ালৰ কোনোবাৰ অসুষ–বিসুকত অর্থ ব্যয়৷ প্রেমত ভাল৷ বিদ্যার্থীসকলে আশা কৰা মতে ফল নাপাব৷ শুভ ৰং নীলা, সংখ্যা ১৷ গোসাঁনী শৰাইৰ লগতে ৰঙা চুন্নী এখন তর্পন কৰক৷
মীনঃ মীনৰ জাতক–জাতিকাই আজি নিৰামিষ খাব, আজি যাত্রা নকৰিব৷ কর্মত সাৱধানে থাকিব বন্ধুৰ পৰা৷ শুভ ৰং হালধীয়া৷ সংখ্যা ১৷ কুমাৰীক ভোজন কৰাওক৷

You might also like