নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ভিন্ন স্থানত পথ দুৰ্ঘটনাত নিহত ৩জন লোক

নিয়মীয়া বাৰ্তা, ২৯ ফেব্ৰুৱাৰীঃ গৌৰীপুৰৰ ১৭নং ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে বাইক আৰোহীক। দুৰ্ঘটনা সংঘটিত কৰিয়েই খাৱৈত সোমাই পৰে ট্ৰাকখন। দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক। স্থানীয় ৰাইজে উদ্ধাৰ কৰে নিহত লোককেইজনৰ মৃতদেহ। আনহাতে আহত হৈছে দুজনকৈ লোক। আহত দুয়োকে ভৰ্তি কৰোৱা হৈছে হাস্পতালত। 

আনহাতে ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতো দুৰ্ঘটনা। 709 আৰু টাটা এচিৰ বাহনৰ মুখামুখি সংঘৰ্ষ দুৰ্ঘটনাত আহত হয় তিনিজনকৈ লোক। আহত লোককেইজনক ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

You might also like