নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিতাপৰ দোকানেৰে স্বাৱলম্বী বৰহোলাৰ দুই ভাতৃ

সঞ্জয় ৰবিদাস, বৰহোলা

১৯৯৮ চনৰে পৰাই যোৱা দুটা দশক ধৰি তিতাবৰ মহকুমাৰ বৰহোলা চাৰিআলিৰ মাজমজিয়াত কিতাপ আৰু বাতৰিকাকত বিক্রীৰে স্বাৱলম্বী হৈ আহিছে ঔৰংগীয়ালৰ দুই ভাতৃ জোনদ্বীপবৰুৱা আৰু প্রদীপ বৰুৱা৷ দুই ভাতৃয়ে মিলি ‘জোনদ্বীপ ষ্টল’ নামেৰে এখন দোকান খুলি চলাই আহিছে কিতাপ আৰু বাতৰিকাকতৰ ব্যৱসায়৷ প্রধানকৈ স্কুলীয়া আৰু কলেজীয়া ছাত্র–ছাত্রীসকলৰ পাঠ্যক্রমৰ কিতাপ, বহী, কাগজ, আর্ট পেপাৰ, জ্যামিতি, ৰঙৰ বাকচ, দৈনিক বিভিন্ন বাতৰিকাকতৰ লগতে বিভিন্ন উপহাৰ তথা ক্রীডা সামগ্রী বিক্রীৰে এই দুই ভাতৃ আর্থিকভাৱে লাভান্বিত হৈ আহিছে৷ দোকানৰ নাতিদূৰৈত কেইবাখনো চৰকাৰী–বেচৰকাৰী প্রাথমিক, মজলীয়া, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ লগতে আছে বৰহোলা মহাবিদ্যালয়৷ দৈনিক পুৱা সাত বজাৰ পৰা সন্ধিয়া সাত বজালৈ খোলা থকা কিতাপৰ দোকনখনত প্রতিদিনে অঞ্চলটোৰ বিভিন্ন স্তৰৰ শ শ ছাত্র–ছাত্রী আৰু অন্য গ্রাহকে ভিৰ কৰেহি৷ দৈনিক শতাধিক বাতৰি কাকত বিক্রী কৰে বিক্রেতা ভাতৃদ্বয়ে৷ পাঠ্যপুথি আৰু দৈনিক, সাপ্তাহিক বাতৰিকাকতৰ লগতে আছে অভিধান, ধর্মগ্রন্থ, উপন্যাস, প্রবন্ধ গ্রন্থ, সহায়িকা পুথি, যুৱক–যুৱতী তথা শিশু–কিশোৰৰ উপযোগী মাহেকীয়া আলোচনী৷ বিদ্যালয়ৰ বিভিন্ন সামগ্রী যেনে ব্লেকবোর্ড, চক মাটি, গোলক ইত্যাদিও উপলব্ধ দোকানখনত৷ এজন সফল পুথি বিক্রেতা হোৱাৰ উপৰি জোনদ্বীপ বৰুৱা এজন ভাল চাইন আর্টিষ্টো৷ দোকানখনৰ পৰা মাহে ভাল উপার্জন হয় দুই ভাতৃৰ৷ জোন–প্রদীপৰ উক্ত বুক ষ্টলখন অঞ্চলটোৰ ছাত্র–ছাত্রীসকলৰ বাবে উন্নত মানৰ শৈক্ষিক সামগ্রীৰ নির্ভৰযোগ্য প্রতিষ্ঠান৷ জ্যেষ্ঠ ভাতৃ প্রদীপ বৰুৱাই দোকানৰ সামগ্রী ক্রয়ৰ বাবে প্রায়েই যোৰহাটলৈ অহা–যোৱা কৰিবলগীয়া হয় আৰু দৈনিক দোকান চম্ভালে জোনদ্বীপে ৷ সকলো গ্রাহকৰে প্রিয় সুমিষ্টভাষী জোনদ্বীপ৷ যি সময়ত বহু নিবনুৱা যুৱক–যুৱতীয়ে স্থানীয়ব্যৱসায় আৰু শাৰীৰিক শ্রমৰ ফালে পিঠি দি এটা চাকৰি বিচাৰি হাবাথুৰি খাইছে, হতাশাত ভাগৰি পৰিছে, কোম্পানীৰ কাম বিচাৰি চেন্নাই, বাংগালুৰুলৈ ঢ়াপলি মেলিছে, তেনে সময়তে দুই দশক ধৰি নিৰৱচ্ছিন্নভাৱে গ্রন্থ বিক্রীৰে স্বাৱলম্বিতাৰ উত্তম নিদর্শন দেখুৱাই আহিছে জোন–প্রদীপে৷

You might also like