ৰূপহীহাটত গ্ৰেপ্তাৰ লাল মিঞা
নিয়মীয়া বাৰ্তা, ৮ ডিচেম্বৰঃ ৰূপহীহাটত গ্ৰেপ্তাৰ হ’ল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সাংগঠনিক সম্পাদক মহম্মদ আলী ওৰফে লাল মিঞা ৷ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছিল লাল মিঞাই ৷ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সন্ত্ৰাসবাদী নেতা বুলি অভিহিত কৰিছিল লাল মিঞাই ৷ ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ নহয় ৷ পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বতে মুছলমানে ৰাজত্ব কৰিব বুলি বিতৰ্কিত মন্তব্য কৰে ৷ অসমৰ ইতিহাস মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাজানে বুলিও মন্তব্য কৰে ৷ এনে বিতৰ্কিত মন্তব্যৰ বাবে ৰূপহী বিজেপি মণ্ডলে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিৰ্তকিত নেতা মহম্মদ আলীৰ বিৰুদ্ধে গোছৰ ৰুজু কৰাত ৰূপহীহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে ৷
প্ৰেৰকঃ জহিৰুল ইছলাম/ৰূপহীহাট