নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

OMG! ১০ টকা মুদ্ৰাৰে ৬ লাখৰ গাড়ী কিনিলে যুৱকে! কাৰণ জানি আচৰিত হ’ব আপুনি…

নিয়মীয়া বাৰ্তা, ২০জুনঃ দিনৰ পিছত দিন ধৰি জমা কৰিছিল ১০ টকীয়া মুদ্ৰা। ১০ টকাৰ মুদ্ৰা কোনেও একেবাৰে ল’ব নিবিচাৰে। ইমানবোৰ মুদ্ৰা লৈ কি কৰিব যুৱকজনে! অৱশেষত তামিলনাডুৰ যুৱকজনে এটা উপায় বিচাৰি পালে। তেওঁ এই মুদ্ৰাটোৰে এখন চাৰিচকীয়া বাহন কিনিবলৈ সিদ্ধান্ত ল’লে!

হয়, এনে এক চাঞ্চল্যকৰ ঘটনা ঘটিছে তামিলনাডুৰ আৰুৰৰ ভেট্ৰিবেল নামৰ সেই ব্যক্তিজনৰ লগত। জানিব পৰা মতে, তেওঁৰ মাকে এখন দোকান চলাই আছে। তাত থকা কোনো বিক্ৰেতাক ১০ টাকা মুদ্ৰা দিব বিচাৰিলে কোনেও নলয়। ফলত এই মুদ্ৰাবোৰ দিনৰ পিছত দিন ঘৰত জমা হৈ থাকে। এসময়ত মুদ্ৰাৰ পাহাৰ সদৃস ৰূপ লয়।

বেগত মুদ্ৰাখিনি লৈ যেতিয়া যুৱকজনে ধৰ্মপুৰীৰ এটা গাড়ী শ্ব’ৰুমত প্ৰৱেশ কৰিলে, তেতিয়া সকলো স্তম্ভিত হৈ পৰিল! সাধাৰণতে এনে ক্ৰেতা দেখা নাযায়। ভেট্ৰিবেলৰ মতে, তেওঁ প্ৰায় এমাহ ধৰি ১০ টকাৰ মুদ্ৰা সমূহ গণি মুঠ ৬ লাখ টকা সংগ্ৰহ কৰিছিল। তাৰ পিছত শ্ব’ৰুমলৈ যায়। আনকি তাত থকা শ্ৰমিকসকলেও প্ৰথমতে ইমান মুদ্ৰা ল’বলৈ ইচ্ছুক নাছিল। কিন্তু পাছত সকলো থিক কৰি যুৱকজনে ললে এখন চাৰিচকীয়া বাহন।

You might also like