নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্য চৰকাৰক পঞ্জাব নেচনেল বেংকৰ ১.৬২ কোটি বৰঙণি

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ দেশৰ দ্বিতীয় সর্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক পঞ্জাৱ নেচনেল বেংকে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত ১.৬২ কোটি টকাৰ চেকপ্রদান কৰে৷ জনতা ভৱনত অনুষ্ঠিত এক অনুষ্টানত বেংকৰ গুৱাহাটী মণ্ডল (উত্তৰ পূর্বাঞ্চল)ৰ মূৰব্বী তথা মহা প্রৱন্ধক এছ এছ সিঙে মুখ্যমন্ত্রীক চেকখন প্রদান কৰে৷ এই অনুষটানত নিৰেন্দ্র কুমাৰ, ৰাজেন্দ্র সিঙকে ধৰি বেংকৰ বহুকেইগৰাকী বিষয়া আৰু জনস্বাস্থ্য কাৰিকৰী তথা তথ্য প্রযুক্তি বিভাগৰ আয়ুক্ত সচিব সিদ্ধার্থ সিং উপস্থিত থাকে৷

পঞ্জাৱ নেচনেল বেংকে প্রদান কৰা এই ধনেৰে ৰাজ্যৰ ১৬ খন জিলাৰ চিকিৎসা সঁজুলি ক্রয় কৰা হ’ব৷ হিতাধিকাৰী জিলাসমূহত পঞ্জাৱ নেচনেল বেংক সেৱাৰ ক্ষেত্রত শীর্ষ স্থানত আছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ সৈতে হোৱা এক আলোচনাৰ অন্তত বেংকটোৱে এই সকল্পৰ ৰূপায়ণৰ বিষয়ে চিন্তা–চর্চা কৰে৷ চেক গ্রহণ কৰি এই মহান পদক্ষেপৰ বাবে বেংক কর্তৃপক্ষক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷

ইফালে, মাণ্ডলিক মূৰব্বী সিঙে ৰাজ্যবাসীৰ অর্থনৈতিক উন্নয়ন আৰু সামগ্রীক বিকাশৰ বাবে ৰাজ্য চৰকাৰক আগন্তুক সময়ত পূর্ণ সহযোগিতা আগবঢ়াব বুলি আশা প্রদান কৰে৷

You might also like