নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেগাছাছ বিতর্কঃ ১০ দিনত প্রতিবেদন দাখিলৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ পেগাছাছ চোৰাংচোৱাগিৰি বিষয়ক লৈ কেন্দ্রীয় চৰকাৰে একো লুকুৱাই ৰখা নাই বুলি মঙলবাৰে পুনৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ সমুখত যুক্তি প্রদর্শন কৰে৷ কালি দুই পৃষ্ঠাৰ শপতনামাযোগে কেন্দ্রীয় চৰকাৰে সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠত চৰকাৰৰ বিৰুদ্ধে উঠা অভিযোগ সম্পূর্ণ নস্যাৎ কৰাৰ লগতে তদন্ত কমিটী গঠন কৰা হ’ব বুলি অৱগত কৰে৷

তদুপৰি পেগাছাছক লৈ চৰকাৰে একো গোপন কৰা নাই বুলি বিচাৰপীঠত যুক্তি প্রদর্শন কৰাৰ পিছত মঙলবাৰে পুনৰ বিচাৰপীঠত কেন্দ্রীয় চৰকাৰে একেই যুক্তি দাঙি ধৰে৷ পেগাছাছক লৈ স্বতন্ত্র তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ত জনোৱা কেইবাখনো ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি কালি গ্রহণ কৰে যদিও মঙলবাৰে পুনৰ বিচাৰপীঠে সেই আবেদনৰ শুনানি গ্রহণ কৰে৷ এই শুনানিত কেন্দ্রীয় চৰকাৰৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই বিষয়টো ৰাষ্ট্রীয় নিৰাপত্তাৰ বাবে উদ্বেগজনক বুলি কৈ এই সন্দর্ভত সকলো ৰাজহুৱা কৰিব নোৱাৰে বুলি যুক্তি প্রদর্শন কৰাই নহয়, কালিৰ শপতনামাত উল্লিখিত যুক্তিসমূহো দাঙি ধৰে৷

কেন্দ্রীয় চৰকাৰৰ যুক্তি শুনাৰ পিছত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে পেগাছাছ বিতর্কক লৈ কেন্দ্রক ১০ দিনৰ ভিতৰত বিতং তথ্যসহ প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ পেগাছাছ ব্যৱহাৰ কৰি দেশৰ ৰাজনীতিক–সাংবাদিক্ ধৰি বিশিষ্ট ব্যক্তিৰ ম’বাইলৰ তথ্য কেন্দ্রই সংগ্রহ কৰাৰ অভিযোগ তুলি আবেদনকাৰীয়ে আদালতৰ নিৰীক্ষণত তদন্তৰ দাবী তোলে৷ সেই আবেদনৰ শুনানি গ্রহণ কৰিয়ে সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কেন্দ্রক কোনোৱে ৰাষ্ট্রীয় স্বার্থৰ সৈতে আপোচ নকৰাৰ প্রসংগৰে ১০ দিনৰ ভিতৰত আদালতৰ নিৰীক্ষণত তদন্তৰ বিষয়টোক লৈ মতসহ বিতং প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিয়ে৷ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰামানাৰ নেতৃত্বত ন্যায়াধীশ সূর্যকান্ত আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে পেগাছাছক লৈ শুনানি গ্রহণ কৰে৷

You might also like