নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত ১০০ চিএনজি বাছৰ ফ্লেগ অফ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

বিশেষ বাৰ্তা, ১ জানুৱাৰীঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটী স্মার্ট চিটি লিমিটেডে অসম ৰাজ্যিক পৰিবহণ নিগমক উপহাৰ হিচাপে দিয়া ১০০খন নতুন কম্প্রেছড নেচাৰেল গেছ চি এন জি চালিত বাছৰ আজি ফ্লেগ অফ কৰাৰ লগতে মহানগৰীৰ প্রথমটো চি এন জি ইন্ধন ষ্টেচনৰ শুভ উদ্বোধন কৰে৷ উল্লেখ্য যে আন্তঃৰাজ্যিক বাছ টার্মিনাছৰ সমীপত ইণ্ডিয়ান অইল আৰ অ স্বাগত চি এন জি ষ্টেচন নামেৰে পূর্ব ভাৰতী গেছ লিমিটেডে এই ষ্টেচনটো স্থাপন কৰে৷ স্মার্ট চিটি মিছনৰ অধীনত গুৱাহাটী স্মার্ট চিটি লিমিটেডে ক্রয় কৰা এই বাছসমূহত এয়াৰ কণ্ডিচনাৰ, ফায়াৰ ডিটেকচন, গ্লৱেল পজিচনিং চিষ্টেম আদি উপলব্ধ আছে৷ এই বাছসমূহ অসম ৰাজ্যিক পৰিবহণ নিগমে পৰিচালিত কৰিব৷ এই উপলক্ষে অনুষ্ঠিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে চি এন জি পৰিচালিত বাছসমূহ মুকলি কৰি মহানগৰীৰ প্রথমটো চি এন জি ইন্ধন ষ্টেচন উদ্বোধন কৰাটো জলবায়ু পৰিৱর্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ প্রভাৱ ক্রমান্বয়ে লাঘৱ কৰাৰ দিশত নির্ণায়ক পদক্ষেপ হিচাপে বিবেচিত হৈছে৷ গোলকীয় উষ্ণতা বৃদ্ধিৰ অাৰত পেড্রল আৰু ডিজেলৰ দৰে জীৱাষ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰে প্রধান কাৰক বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এনে শক্তিৰ উৎসৰ ব্যৱহাৰৰ পৰা হোৱা কার্বন নির্গমনে অসমকে ধৰি বিশ্বৰ বহু ঠাইত জলবায়ুৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে৷ তেওঁ কয় যে জলবায়ু পৰিৱর্তনৰ প্রভাৱ কম কৰাৰ দিশত সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ ইয়াৰ বাবে দীর্ঘম্যাদী আৰু স্থায়ী সমাধানৰ পথ উলিয়াব লাগিব বুলিও উল্লেখ কৰি তেওঁ লগতে কয় যে চি এন জিৰ দৰে স্বচ্ছ আৰু সেউজ শক্তিয়ে এই সমস্যাটো লাঘৱ কৰাৰ দিশত বিশেষ অৰিহণা যোগাব পাৰিব৷ মুখ্যমন্ত্রীয়ে কয় যে সমগ্র বিশ্বতে বৃহৎ চহৰসমূহে ইতিমধ্যে বহু ক্ষেত্রত স্বচ্ছ শক্তিৰ উৎসৰ দিশত উল্লেখযোগ্য পৰিৱর্তনৰ সাক্ষী হৈ পৰিছে৷ গুৱাহাটীৰ ৰাজহুৱা পৰিৱহণ ব্যৱস্থাত স্বচ্ছ আৰু সেউজ ইন্ধন ব্যৱহাৰৰ দিশত লোৱা পদক্ষেপৰ ফলত কার্বন নির্গমনৰ পৰিমাণ হ্রাস কৰাৰ বাবে ৰাষ্ট্রৰ প্রতিশ্রুতি পূৰণৰ ক্ষেত্রত অৰিহণা যোগোৱাটো নিশ্চিত কৰিব বুলি তেওঁ কয়৷ মুখ্যমন্ত্রীয়ে কয় যে ২০২৩ চনৰ মার্চ মাহৰ ভিতৰত পূর্ব ভাৰতীয়ে মহানগৰীত কমেও ৫টা চি এন জি ষ্টেচন স্থাপন কৰিব আৰু দুবছৰ মানৰ পিছত এনে ইন্ধন ষ্টেচনৰ সংখ্যা ৫০টালৈ বৃদ্ধি হব৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ক্রমান্বয়ে দিল্লীৰ দৰে অটৰিক্সা, ভেন আদি অন্যান্য ৰাজহুৱা পৰিবহণ বাহনকো চি এন জি পৰিসৰৰ অধীনলৈ অনা হব৷ তেওঁ লগতে কয় যে প্রয়োজনীয় আন্তঃগাঁথনি গঢ়ি উঠিলে চি এন জি চালিত ব্যক্তিগত বাহনসমূহক অনুমতি দিয়াৰ সম্ভাৱনাৰ বিষয়েও আগন্তুক দিনত বিবেচনা কৰা হব৷ পূর্ব ভাৰতীয়ে মহানগৰীৰ ঘৰে ঘৰে পাইপ যোগেৰে প্রাকৃতিক গেছ পি এন জি গেছ প্রদান কৰিব৷ গুৱাহাটীত এই সেৱা আৰম্ভ কৰিবলৈ প্রয়োজনীয় আন্তঃগাঁথনিগত কাম সম্প্রতি ৰূপায়ণৰ বিভিন্ন পর্যায়ত আছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ চি এন জি বিক্রীৰ বাবে ৰাজ্যৰ বাহিৰৰ পৰা গেছ অনা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে গেছ–গ্রীড প্রকল্প ৰূপায়ণৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী মানসিকতাৰ বাবে সম্ভৱ হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রীৰ এই পদক্ষেপ অবিহনে অসমত চি এন জি ষ্টেচন স্থাপন সম্ভৱ নহলহেতেন৷ মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ পৰিবহণ বিভাগ আৰু অসম ৰাজ্যিক পৰিবহণ নিগম প্রশাসনক আহ্বান জনাই কয় যে এই ১০০ খন নতুন চি এন জি বাছক লাভজনক পর্যায়লৈ লৈ গৈ দক্ষ সংস্থালৈ ৰূপান্তৰিত কৰাৰ সুযোগক সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব৷ তেওঁ আশা প্রকাশ কৰি কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমে দৈনন্দিন কাম–কাজত কর্পৰেট হাউছৰ কর্মনীতি আনিব লাগিব৷ অনুষ্ঠানত মন্ত্রী অশোক সিংহল, বিমল বড়া, পৰিমল শুক্লবৈদ্যকে ধৰি ৰাজ্য চৰকাৰৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like