নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৫ বছৰে অসম্পূৰ্ণ অসম নাট্য সন্মিলনৰ বিৰহ বেবেজীয়াৰ ‘নাট তীৰ্থ প্ৰকল্প’

বিশেষ বাৰ্তা, ৩ মে’ : অসমৰ নাট্য আন্দোলনক গতিশীল কৰিবলৈ গঠন কৰা হৈছিল অসম নাট্য সন্মিলনৰ। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ দৰে স্বনামধন্য বিশিষ্ট ব্যক্তি সকলৰ উদ্যোগত গঠন হোৱা অসম নাট্য সন্মিলন অনুষ্ঠানটোৱে সোণালী জয়ন্তী বৰ্ষ  অতিক্ৰম কৰাৰ পিছতো নগাঁও জিলাৰ বিৰহ বেবেজীয়াত অবস্থিত অসম নাট্য সন্মিলনৰ কেন্দ্রীয় কার্যালয় তথা ‘নাট তীর্থ’ৰ প্রকল্প কার্যালয়টো সম্প্রতি হাবি-জংঘলেৰে আৱৰি ভগ্নস্তুপত পৰিণত হৈছে। উল্লেখযোগ্য যে ১৯৫৯ চনতে জন্মলাভ কৰা অসম একাংক নাট সন্মিলনকেই ১৯৬০ চনত অসম নাট্য সম্মিলন ৰূপে নামকৰণ কৰা হয়। সন্মিলন চৰকাৰী পঞ্জীয়নভুক্ত হয় ১৯৬১-৬২ চনত (পঞ্জীয়ন নং ৬৪/১৯৬১-৬২)। তেতিয়াৰ পৰা বৰ্তমানলৈকে কেইবাজনো প্রথিতযশা নাট্যকর্মী সভাপতি, সম্পাদক হ’ল যদিও আজিলৈ অনুষ্ঠানটোৰ স্থায়ী কার্যালয়টোৰ নির্মাণকার্য সম্পূর্ণ হৈ নুঠিল। ১৯৮৭ চনৰ ১৬ আগষ্ঠত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ নির্দেশ অনুসৰি নগাঁও জিলাৰ উপায়ুক্ত আৰু নগাঁও ভূমি উপদেষ্টা পৰিষদে জিলাখনৰ কাছমাৰী মৌজাৰ অন্তৰ্গত বিৰহ  বেবেজীয়া কিছামতৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ৪৮নং দাগৰ চৰকাৰী ৮ বিঘা ১ কঠা মাটি অসম নাট্য সন্মিলনৰ নামত অনুমোদন দিয়ে। আৱন্টিত মাটিত ২ লাখ টকা ব্যয়েৰে কেন্দ্রীয় কার্যালয়, ৮ লাখ টকাৰে শ্রীমন্ত শংকৰদেৱ মঞ্চ, ১০ লাখ টকাৰে প্রশিক্ষণ কেন্দ্র আৰু প্ৰশিক্ষার্থী নিবাস, ২.৫০ লাখেৰে শান্তি  নিবাস আৰু ৫ লাখ টকাৰে অতিথিশালাকে ধৰি নাট-তীর্থ প্ৰকল্পৰ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰা হয়। উল্লেখযোগ্য যে ধনৰ অভাৱত ১৯৮৯ চনলৈকে ‘নাট তীর্থ’ প্ৰকল্পৰ নিৰ্মাণকার্যত নাট্য সন্মিলনে হাতেই দিব নোৱাৰিলে। ১৯৮৯ চনত বেবেজীয়া পণ্ডিত কনক  শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত নাট কৰ্মশালাৰ সামৰণী অনুষ্ঠানত নগাঁৱৰ এজন প্রতিষ্ঠিত ব্যৱসায়ীয়ে ‘নাট তীৰ্থ প্ৰকল্প নিৰ্মাণৰ বাবে এক লাখ টকা দান হিচাপে আগবঢ়ায় আৰু সেই বছৰতে অসম নাট্য সম্মিলনে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বাৰা ‘নাট তীৰ্থ’ প্রকল্পৰ আধাৰশিলা স্থাপন কৰায়। প্ৰথম অৱস্থাত সন্মিলনৰ কেন্দ্রীয় সমিতিৰ হাতত জমা থকা ২,৮৩,৩০৬ টকাৰে বেংক একাউন্ট নং ১৮১৬০/০৬) প্ৰকল্পৰ শ্ৰীমন্ত শংকৰদেৱ মঞ্চ আৰু প্ৰেক্ষাগৃহৰ কাম আৰম্ভ কৰা হয় যদিও ধনৰ অভাৱত সেই কাম স্থগিত ৰখা হয়। ১৯৯৩-৯৪ চনত তদানীন্তন নগাঁও লোকসভা সমষ্টিৰ সাংসদ মুহিৰাম শ‍ইকীয়াই সাংসদ পুঁজিৰ পৰা সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়গৃহটো নিৰ্মাণৰ বাবে ১.৪৫ লাখ টকা আবণ্টন দিয়ে যদিও সেই ধনেৰে কাৰ্যালয়গৃহটোৰ নিৰ্মাণত আংশিক ব্যয় কৰি বাকী ধনেৰে ৩৭নং ৰাষ্ট্ৰীয় পথৰ কাষত এখন স্থায়ী পকী ফলক নির্মাণ কৰা হয়। নাট তীর্থ প্রকল্প নিৰ্মাণৰ কাৰণে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিয়ে দহ টকাৰ পাঁচ হেজাৰখন, পঞ্চাশ টকাৰ এহেজাৰখন আৰু এশ টকাৰ পাঁচশখন কুপন ছপা কৰি সংগ্ৰহ কৰা ধনৰাশি নাট তীর্থ নির্মাণত ব্যয় কৰা নহ’ল বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে বিভিন্ন সময়ত অসম নাট্য সন্মিলনৰ কেইবাজনো বিষয়ববীয়াই ‘নাট তীর্থ’ প্রকল্প নিৰ্মাণৰ নামত অইল ইণ্ডিয়া , কেইবাটাও চাহ কোম্পানী আৰু বহু ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি প্ৰকল্প নিৰ্মাণত সেই ধন খৰচ কৰা নাই বুলি  অভিযোগ উঠিছে। যাৰফলত বিৰহ বেবেজীয়াত প্রস্তাবিত নাট তীৰ্থ প্ৰকল্পৰ অধনিৰ্মিত শ্ৰীমন্ত শংকৰদেৱ মঞ্চ আৰু প্ৰেক্ষাগৃহ হাবি-জংঘলেৰে আৱৰি ভগ্নস্তুপত পৰিণত হৈছে। সেইদৰে কেন্দ্রীয় কাৰ্যালয়ৰ অৰ্ধনির্মিত স্থায়ী গৃহটোও হাবি-জংঘলে আৱৰি ধৰি  সৰিসৃপৰ  বাসস্থান লৈ   ৰূপান্তৰ হৈছে।অন্যহাতে  প্ৰকল্প নিৰ্মাণ সমিতিৰ সক্রিয় সদস্য বেবেজীয়াৰ প্ৰয়াত প্ৰফুল্ল শৰ্মা বৰুৱাই তেওঁৰ জীৱিত কালত কাৰ্যালয়টো আৰু প্ৰকল্পৰ চৌহদ মুকলি কৰি ৰখাৰ বাবে মাজে-সময়ে ব্যৱস্থা লৈছিল। কিন্তু আজি ২০ বছৰ কাল ধৰি সেইবোৰ চোৱা চিতা কৰিবলৈ কাৰো আহৰি হোৱা নাই। অসমৰ নাট্য আন্দোলনক দৃঢ়তৰ কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি অহা অসম নাট্য সম্মিলনে বিগত ৩৫ বছৰে নাট তীৰ্থ প্ৰকল্পটোৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰাৰ বাবে কোনোধৰণৰ উল্লেখনীয় তৎপৰতা  অৱলন নকৰাত সচেতন মহলে আশ্চর্য প্রকাশ কৰিছে। নাট্য সন্মিলনৰ বিষয়ববীয়াসকলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা-যোৱা কৰোতে ভগ্নস্তূপসদৃশ নাট তীর্থ প্ৰকল্পটোৰ অৱস্থা দেখিয়েই আছে। উল্লেখযোগ্য যে অসম নাট্য সন্মিলনৰ স্থায়ী কার্যালয় নাই। সম্পাদক য’ত কার্যালয় তাত ৷ চাৰি বছৰ যদি তিনিচুকীয়াত, এবছৰ গুৱাহাটীত, দুবছৰ মঙলদৈত ইত্যাদি। তদুপৰি বিগত বছৰসমূহত অসম নাট্য সম্মিলনে বিভিন্ন উৎসৰ পৰা বিশেষকৈ চৰকাৰ, সংগীত নাটক একাডেমী, এন এছ ডি, অইল ইণ্ডিয়া আদিৰ পৰা কিমান ধন সাহায্য বা নাটকৰ নামত পালে? কত কিমান খৰচ কৰিলে, কাৰ একাউণ্টত ধন জমা হ’ল? একাউণ্টবোৰ কি হ’ল? নাট্যশাস্ত্ৰ বিক্ৰীৰ ধন ক’ত জমা হ’ল– এইবোৰ আজিলৈকে হিচাপ- নিকাচ নোহোৱাৰ অভিযোগ উঠিছে। আনহাতে নাট্য সন্মিলনৰ প্ৰকল্প উন্নয়নৰ বাবে ১৫ বছৰীয়া কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমান বিজেপি চৰকাৰৰ ভূমিকা সন্তোষজনক নহয়। সম্প্ৰতি শাসনাধিষ্ঠিত বিজেপি চৰকাৰক ‘নাট তীৰ্থ’ৰ বাস্তৱ ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নগঞা ৰাইজে দাবী জনাইছে।
প্ৰেৰক কনক হাজৰিকা
You might also like