নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলন্ত ৰে’লত পত্নীক তালাক দি পলায়ন যুৱকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ মে’ : চলন্ত ৰে’লতে পত্নীক তালাক দিলে উত্তৰ প্রদেশৰ এজন যুৱকে৷ পেছাত কম্পিউটাৰ ইঞ্জিনীয়াৰ এই যুৱকজনৰ নাম আৰছাদ৷ অভিযোগ অনুসৰি ৰে’লৰ ভিতৰতে পত্নীক শাৰীৰিক আতিশয্য চলাই তিনি তালাক উচ্চাৰণ কৰি ৰে’লৰ পৰাই জাঁপ দিয়ে যুৱকজনে৷ ইয়াৰ পাছতে আৰক্ষীৰ দ্বাৰস্থ হয় আফছানা নামৰ মহিলাগৰাকীয়ে৷ ২৯ এপ্রিলৰ এই ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ স্মর্তব্য যে ৰে’লখন ষ্টেচনত প্রৱেশ কৰাৰ সময়তে পত্নীক তালাক দি জঁপিয়াই পলায়ন কৰিছিল আৰছাদে৷

You might also like