মাজুলীৰ জেংৰাইমুখ আৰক্ষী থানাৰ অন্তৰ্গত মাজৰ দেউৰী গাঁৱত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডত এগৰাকী বিশ বছৰীয়া মহিলা থিতাতে নিহত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই হত্যাকাণ্ডত নিহত মহিলাগৰাকীৰ নাম হৈছে নিশ্চিতা মণ্ডল। জেংৰাইমুখ থানাৰ অন্তৰ্গত মাজ দেউৰী গাঁৱৰ নিবাসী ৰবিন্দ্ৰ মণ্ডল আৰু আলু মণ্ডলৰ কন্যা বুলি জানিব পৰা গৈছে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে মাজুলী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে ঘটনাস্হলীত উপস্হিত হৈ বৰ্তমান তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।
ঘটনা খৱৰ অনুসৰি মাজ দেউৰী গাঁৱৰ নিবাসী ৰবিন্দ্ৰ মণ্ডলৰ কন্যা নিশ্চিতা মণ্ডলৰ ককাক বেলাই দাসৰ ঘৰ মাজ দেউৰী গাঁৱতে। সেইকাৰণে নিশ্চিতা মণ্ডলে তেওঁৰ ককাকৰ ঘৰতে প্ৰায় থাকে। আনদিনৰ দৰে আজিও ককাৰ ঘৰতে আছিল নিশ্চিতা।
এখন নিৰ্বাচনী সভালৈ বেলাই দাস গৈছিল আৰু আইতা পুতলী দাসো ঘৰত নাছিল। ফলত কেৱল নিশিতা মণ্ডলে ঘৰখনত থকা সময়ছোৱাতে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো সংঘটিত হয়।
সভা সামৰি ঘৰত উপস্হিত হওঁতে সময় হৈছিল প্ৰায় ডেৰ বজা। তেতিয়ালৈ মূমুৰ্ষু অৱস্থাত উদ্ধাৰ হোৱা নিশিতাৰ ডিঙিত কটাৰীৰে আঘাত কৰাৰ চিন দেখা পায়। তাৰ পিছত কাপোৰেৰে মেৰিয়াই জেংৰাইমুখ আদৰ্শ চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।
ইয়াৰ পিছতে মৰণোত্তৰ পৰীক্ষাৰ বাবে পীতাম্বদেৱ গোস্বামী জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইপিনে নিশিতা দেউৰী প্ৰায় তিনি বছৰৰ পূৰ্বে ঢকুৱাখনাৰ কোনোবা গাঁৱত বিয়া হৈছিল। নিশিতাৰ বিবাহ বিচ্ছেদ হৈ বৰ্তমান নিজৰ পিতৃ-মাতৃৰ ঘৰতে আছিলেগৈ বুলি জানিব পৰা গৈছে।
নিশিতাৰ হত্যাকাণ্ড সন্দৰ্ভত সবিশেষ জানিব পৰা হোৱা নাই যদিও প্ৰেমজনিত বিষয় হ’ব পাৰে বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ।
ডিজিটেল ডেস্ক, ৩১ মাৰ্চ