নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তামুলপুৰত বিশ্বজিৎ দৈমাৰীৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ

অসম বিধানসভা নিৰ্বাচনক লৈ তামুলপুৰ সমষ্টিত জোৰদাৰ হৈ পৰিছে নিৰ্বাচনী পৰিবেশ। তামুলপুৰ বিধানসভা সমষ্টিৰ নয়াবস্তিত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক বৃহৎ বাইক ৰেলীৰে উষ্ম আদৰণি জনায় সমষ্টিবাসীয়ে।

প্ৰচাৰৰ অংশ হিচাপে বিশ্বজিৎ দৈমাৰীয়ে বাথৌ মন্দিৰসহ বিভিন্ন ধৰ্মীয় উপাসনাস্থলীত সেৱা লৈ ৰাইজৰ মাজলৈ গৈ সমৰ্থন বিচাৰে।

নিৰ্বাচনী ভাষণত তেওঁ কয় যে তামুলপুৰৰ পৰা নিৰ্বাচিত হৈ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে সমষ্টিৰ বাট-পথ, খোৱাপানী, ধৰ্মীয় উপাসনাস্থলী আৰু প্ৰাক্তন এনডিএফবি (NDFB)ৰ সমস্যাসমূহ সমাধান কৰা হ’ব।

তেওঁ লগতে কয় যে কাৰাগাৰত থকা এনডিএফবি নেতা-কেডাৰসকলক মুক্ত কৰাৰ বাবে চেষ্টা চলোৱা হ’ব আৰু প্ৰাক্তন সদস্যসকলৰ পুনঃসংস্থাপনৰ বাবে এককালীন আৰ্থিক সহায় প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

খোৱাপানীৰ সমস্যাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিশেষ আঁচনি ঘোষণা কৰাৰ কথাও উল্লেখ কৰি দৈমাৰীয়ে কয় যে ভূটানৰ পৰা পানী আনি তামুলপুৰৰ ৰাইজক যোগান ধৰাৰ পৰিকল্পনা কৰা হৈছে।

ইয়াৰ উপৰি গোৰ্খা, আদিবাসী, কোচ-ৰাজবংশী, শৰণীয়া, মদাহি আদি সকলো জাতি-জনগোষ্ঠীৰ সমস্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।

বিশ্বজিৎ দৈমাৰীয়ে বড়ো শান্তি চুক্তি সম্পূৰ্ণ ৰূপে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দি কয় যে এই চুক্তিৰ অধীনত মেডিকেল কলেজ, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু ১৫০০ কোটি টকাৰ পেকেজ ইতিমধ্যে চৰকাৰে প্ৰদান কৰিছে।

সমষ্টিটোৰ সামগ্ৰিক উন্নয়নৰ বাবে ৰাইজে বিজেপিক সমৰ্থন জনাব বুলি আশা প্ৰকাশ কৰে প্ৰাৰ্থীগৰাকীয়ে।

ডিজিটেল ডেস্ক, ৩১ মাৰ্চ

You might also like