নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদেশী নহয়, অসমত কেৱল খিলঞ্জীয়াৰহে অধিকাৰ থাকিবঃ সমুজ্জ্বল

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ শ্বহীদৰ কেঁচা শোণিতে ধুৱাই নিয়া তৈলনগৰী দুলীয়াজানৰ সর্বত্র এতিয়া ‘জয় আই অসম’ ধ্বনি৷ জাগ্রত হৈছে ঐতিহাসিক অসম আন্দোলনৰ অংশস্বৰূপে ১৯৮০ চনৰ ১৮ জুলাইত ৰূপায়িত তেল অৱৰোধ কার্যসূচীত প্রাণ আহুতি দিয়া চাৰি শ্বহীদ ক্রমে কুমুদ গগৈ, নৃপেন বৰা, অজিত নেওগ আৰু নগেন ডেকাৰ আদর্শ৷ সদৌ অসম ছাত্র সন্থাৰ (আছু) সপ্তদশ দুলীয়াজান অধিৱেশন উপলক্ষে ৩৩খন জিলাৰ পৰা অহা সহস্রাধিক প্রতিনিধিৰ উপস্থিতিত তৈলনগৰীখনত উখল–মাখল পৰিৱেশ বিৰাজ কৰিছে৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ’ৰাৰ আর্হিৰে নির্মিত মূল তোৰণতে আদৰণি জনোৱা হৈছে প্রতিনিধিবর্গক৷ কালি দ্বিতীয় দিনা জনসমুদ্রত পৰিণত হোৱা অধিৱেশনথলী ছলাকটকী খেলপথাৰ ৰূপান্তৰ হয় উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতিৰ সমন্বয়ৰ সেতুলৈ৷ বিশেষকৈ প্রায় ৫ কিলোমিটাৰজোৰা সাংস্কৃতিক শোভাযাত্রাই মন মুহিলে দুলীয়াজানবাসীক৷

অসমীয়া গ্রাম্য সমাজৰ পৰম্পৰাগত লোকাচাৰশৈলী, ৰীতি–নীতি আদি সম্পূর্ণৰূপে প্রতিফলিত হয় এই বর্ণাঢ়্য সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্রাত৷ হস্তীসহ আগবঢ়া শোভাযাত্রাটোত গায়ন–বায়ন, দবা–কাঁহ আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে৷ সমগ্র দুলীয়াজান পৰিভ্রমণ কৰা বর্ণাঢ়্য শোভাযাত্রাৰ নেতৃত্ব প্রদান কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে৷ উপস্থিত আছিল অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা, অভিনেতা অৰুণ হাজৰিকা আৰু কণ্ঠশিল্পী দীপলীনা ডেকাই৷ দুলীয়াজানৰ ৰাজপথেৰে আগবঢ়া সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই নিজ ভাষণত কয়– ‘অসমৰ জাতি–জনগোষ্ঠী তথা বিভিন্ন ধর্মাৱলম্বী লোকক একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সদৌ অসম ছাত্র সন্থাই আৰম্ভণিৰ পৰাই প্রয়াস কৰি আহিছে৷ আজি এই সমন্বয়ৰ শোভাযাত্রাই তাৰেই তাৎপর্যপূর্ণ বহন কৰিছে৷

সংস্কৃতিৰ ডোলেৰে জাতীয় জীৱন সমৃদ্ধ হৈছে৷ ভাষা–সংস্কৃতি চহকী হৈছে৷’ সেইদৰে ভাষণ প্রসংগত ৰাজনীতিয়ে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ গঢ়ে বুলি মন্তব্য কৰি তেওঁ কয় যে জাতি–জনগোষ্ঠীৰ সংস্কৃতিৰ সমাহাৰেৰে তথা সাংস্কৃতিক পদক্ষেপেৰে একতাৰ বাটটোৰে আগুৱাব লাগিব৷ অসমত বিদেশী, মৌলবাদী আদি সাম্প্রদায়িকতাৰ স্থান নাই, কেৱল থাকিব খিলঞ্জীয়াৰ অধিকাৰ আৰু প্রভুত্ব৷ প্রসংগক্রমে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ, লাচিত বৰফুকন, চুকাফাই দেখুৱাই যোৱা পথেৰে কেনেকৈ অসমীয়া সমাজখনে জাতীয় জীৱনত আগবাঢ়ি যাব লাগিব, তাৰ আদর্শগত ব্যাখ্যা তেওঁ দাঙি ধৰে৷ কার্যসূচীৰ আৰম্ভণিতে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে শুকুলা হংসৰাজৰ পিঠিত মূল পতাকা উত্তোলন কৰি ডিব্রুগড় জিলাখনৰ শৈক্ষিক ক্ষেত্রখনৰ প্রতিচ্ছবিৰ এক থূলমূল ব্যাখ্যা দাঙি ধৰে৷ তাহানিতে অসম আন্দোলনত জিলাখনৰ মহাবিদ্যালয়সমূহৰ্ ভূমিকা অনস্বীকার্য বুলি তেওঁ মন্তব্য কৰে৷

আনহাতে, শ্বহীদক সুঁৱৰি প্রায় ১,৫০০গৰাকী মহিলা–যুৱতীয়ে পৰিৱেশন কৰা সমৱেত সংগীতৰ মাজেৰে শ্বহীদ তর্পণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে পোনতে ঔদ্যোগিক খণ্ডৰে ভৰপূৰ ডিব্রুগড় জিলাখনৰ প্রতিটো প্রান্তত সিঁচৰতি ইতিহাসৰ পৃষ্ঠা লুটিয়াই কয়– ডিব্রুগড় জিলাখনে ভাৰতীয় অর্থনীতি তথা সামাজিক ক্ষেত্রখনলৈ গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে৷ অসমৰ জাতীয় জীৱনৰ সংকটকালীন সময়ত আছুৰ অধিৱেশনখন অনুষ্ঠিত হৈছে৷ সাম্প্রদায়িক বিষবাষ্প বিষয়াই সাতামপুৰুষীয়া ঐক্যৰ বৰভেটি ভাঙিবলৈ থানবান কৰা ষড়যন্ত্র অব্যাহত থকাৰ মাজতে ৰূপায়িত হৈছে এই অধিৱেশন৷ এই ষড়যন্ত্রক ওফৰাই ছাত্র সন্থাই জাতীয় জীৱনক নতুন চিন্তাশক্তিৰে আগবঢ়াই নি অসমৰ সমাজ জীৱনলৈ সাহস আৰু প্রেৰণাৰ বার্তা দিব এই অধিৱেশনথলীৰ পৰাই৷ অসম চুক্তি ৰূপায়ণ, নদীবান্ধ, গৰাখহনীয়া, বান সমস্যা আদি এশ এবুৰি সমস্যাৰে জর্জৰিত সমাজখনক অনাগত দিনত এটা সুস্থিৰ আৰু নিকা বাটেৰে আগবঢ়াই নিবলৈ শক্তিশালী পদক্ষেপ গ্রহণ কৰিবৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থকা আছুৰ দুলীয়াজান অধিৱেশনৰ পৰাই বিভিন্ন পৰিকল্পনাৰ আধাৰ তথা ৰূপৰেখা গঢ়ি উঠিব৷ অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱাই আছু এটা অৰাজনৈতিক সংগঠন আৰু অসমীয়া ৰাইজৰ বাবে এক অবিৰত শোভাযাত্রা বুলি উল্লেখ কৰে৷

অধিৱেশনথলীৰ সাংস্কৃতিক সমন্বয়ৰ শোভাযাত্রাই সকলো কলুষতা আঁতৰ কৰি অসমীয়া সমাজলৈ এক শুভবার্তা প্রেৰণ কৰিছে লগতে এই শুভবার্তা দিল্লী–দিছপুৰ পর্যন্ত যাব বুলি তেওঁ মন্তব্য কৰে৷ আনহাতে, অধিৱেশনথলীৰ পৰাই নাগৰিক সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি কোনো বিভাজনমুখী কার্যই জাতীয় শক্তিক চূৰমাৰ কৰিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে৷ শোভাযাত্রাৰ পূর্বেই লাহোৱাল টেঙাখাত, তিনিচুকীয়া, চাবুৱা আৰু দুলীয়াজান মহাবিদ্যালয়ৰ এন চি চি কেডেটসকলৰ অভিবাদন গ্রহণ কৰে আছুৰ নেতৃবর্গই৷ শোভাযাত্রাৰ পাছতেই জগত শইকীয়া সোঁৱৰণী জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ উদ্বোধন কৰে ৰজত কমল বঁটাপ্রাপ্ত বিশিষ্ট চলচ্চিত্র পৰিচালক যদুমণি দত্তই৷ পৰৱর্তী কার্যসূচী অনুসৰি গ্রন্থমেলা আৰু প্রদর্শনীথলীতে অনুষ্ঠিত হয় মুকলি কুইজ প্রতিযোগিতা৷ নিশাৰ ভাগলৈ অনুষ্ঠিত প্রতিনিধি সভা উাদ্বোধন কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই৷ মূল মণ্ডপত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অৱসৰপ্রাপ্ত শিক্ষক পোনাৰাম বৰগোহাঞিয়ে৷ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে ৰাজীৱ শদিয়া, দীপলীনা ডেকা, ৰিদিপ ৰংকিত, ৰমেন দানহ আৰু আকাশ নিবিডে৷ কাইলৈ অনুষ্ঠিত হ’ব চিত্রাংকন আৰু সদৌ অসম ভিত্তিত আন্তঃমহাবিদ্যালয় শ্বহীদ সোঁৱৰণী তর্ক প্রতিযোগিতা, কবি সন্মিলন আৰু সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান৷

You might also like