নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৱে ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা আঁতৰালে ইংৰাজী-হিন্দী ভাষাৰ নামফলক

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ অসম চৰকাৰী ভাষা আইন ১৯৬০ কাৰ্যকৰী কৰি মাৰ্ঘেৰিটাৰ লিডু অঞ্চলত চৰকাৰী বেচৰকাৰী সকলো ব্যৱসায়ী প্ৰতিষ্ঠানতে অসমীয়া লিপি ব্যৱহাৰ কৰাৰ লগতে আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সকলো চৰকাৰী বেচৰকাৰী অনুষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলক অসমীয়া ভাষাত লিখিবলৈ আহ্বান জনাইছিল সদৌ অসম ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ লগতে লিডু শাখা ছাত্ৰ সন্থাই।

কিন্তু এই দাবীৰ প্ৰতি লিডুৰ ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে ব্যৱস্থা গ্ৰহণ নকৰাত আজি যি সকল ব্যৱসায়িক প্ৰতিষ্ঠানৰ নাম ফলকত অসমীয়া ভাষাৰ পৰিৱৰ্তে ইংৰাজী বা অন্য ভাষাৰ নামফলক ব্যৱহাৰ হৈ আহিছিল সেই সকলোবোৰ নামফলকত সংগঠনটোৱে ফালি কলা ৰং লগায়। মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈ আৰু ভাঃ সম্পাদক ৰুপম বৰুৱাৰ নেতৃত্বত তথা নৱ গঠিত লিডু শাখা ছাত্ৰ সন্থাৰ সহযোগত সংগঠনটোৰ প্ৰায় এক শতাধিক সদস্যই লিডু বজাৰৰ মাজ-মজিয়াত প্ৰায় সংখ্যক ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা ইংৰাজী, হিন্দী, বাংলাত লিখা নামফলক সমূহ আঁ‌তৰাই দিয়ে। উল্লেখ্য যে -পূৰ্বৰ অসম শাসকীয় ভাষা অধিনিয়মখন “অসম চৰকাৰী ভাষা আইন’১৯৬০” নামেৰে সেই চনৰে ২৪ অক্টোবৰ তাৰিখে অসম বিধান সভাত গৃহীত হয় আৰু ১৭ ডিচেম্বৰত ৰাজ্যপালৰ অনুমোদনৰ পাচত ১৯ ডিচেম্বৰৰ “অসম ৰাজপত্ৰ(অসাধাৰণ)ত প্ৰকাশ পায়।

এই আইনৰ ধাৰা “৩” মতে অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলো বা যিকোনো চৰকাৰী কামত অসমীয়া ব্যৱহৃত হ’ব আৰু কাছাৰ জিলাত অনুৰুপ কামৰ বাবে বঙালী ভাষা ব্যৱহৃত হ’ব। অৱশ্যে স্বায়ত্ত্বশাসিত জিলাৰ বাবে প্ৰায়োগিক সুবিধাৰ হেতু ইংৰাজী ভাষাৰ পোষকতা কৰা হয়। এই আইনৰ ১(৩) উপচ্ছেদ মতে সমগ্ৰ অসমত ১৮/১২/১৯৭০ তাৰিখৰ ভিতৰত এই আইনখন সম্পূৰ্ণৰূপে বলবৎ হ’বলৈ নিদেৰ্শ দিয়া হৈছিল যদিও পৰিতাপৰ বিষয় যে আইনখনে ধাৰ্য কৰা সময়সীমা উকলি যোৱা পাছতো অসমত কিন্তু চৰকাৰী কাৰ্যালয়ত নিজৰ ভাষা প্ৰয়োগ আধৰুৱাকৈও হৈ নুঠিল। অন্যহাতে আজিৰ আছুৰ “অভিযান অসমী” শীৰ্ষক এই কাৰ্য্যসূচীৰ সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

এই কায্যসূচী ৰূপায়ণৰ সময়ত একাংশ ব্যৱসায়ী আৰু আছু সদস্যৰ মাজত তীব্ৰ বাক যুদ্ধ হোৱা দেখা গ’ল ফলত এক উত্তেজনা পূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। পৰিস্থিতি অধিক জটিল হোৱাৰ পূৰ্বে আৰক্ষীয়ে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি চিন্তু গগৈ, সদস্য অনন্ত ৰাজবংশী, লিডু শাখা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাণজিৎ বৰা আৰু সম্পাদক মিণ্টু বুঢ়াগোহাইক আটক কৰি লিডু আৰক্ষী চকীলৈ লৈ যায়। পাছত অৱশ্যে আটক কৰা আছু সদস্য কেইজনক বিয়লি মুকলি কৰি দিয়ে। আছু নেতা চিন্তু গগৈয়ে আৰক্ষী চকীৰ পৰা মুকলি হৈ অহাৰ পাছতেই সাংবাদিকৰ আগত কয় যে যি সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানে নামফলক সমূহত অসমীয়া ভাষাৰ ব্যৱহাৰৰ এই পৰ্য্যন্ত কৰা নাই সেই সমূহে অতি সোনকালে আছুৰ আহ্বান প্ৰতি সঁহাৰি নজাই নামফলক সমূহত অসমীয়া নাম ব্যৱহাৰ নকৰে তেনেহ’লে অনাগত সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ সন্মুখীন হ’ব লাগিব লগতে আছুৱে এই ক্ষেত্ৰত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ প্ৰদান কৰে।

You might also like