নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদ লোকৰ সহায় বিচাৰিছে ২নং জামদহাৰ একমাত্ৰ কন্যাসন্তানৰ বাবে

নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ বঙাইগাঁও জিলা বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং জামদহাৰ শ্ৰমিক সমীৰ দাস আৰু মাম্পী দাসৰ ডেৰ বছৰীয়া একমাত্ৰ কন্য়া সন্তান ছোনিয়া দাস জন্মলগ্নৰে পৰা এক জটিল ৰোগত আক্ৰান্ত । চিকিৎসকৰ ভাষাত HEMANGIOMA এই ৰোগৰ নাম। কণমানি শিশুটিৰ সোঁ গালখন অস্বাভাৱিকভাৱে বাঢ়ি আহিছে।

ইতিমধ্যে পিতৃ সমীৰ দাসে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু এখন ব্যক্তিগত খণ্ডৰ হাস্পতালত কণমানি ছোনিয়াৰ চিকিৎসা কৰোৱাইছে যদিও তাই সুস্থ হোৱাগৈ নাই। কণমানি ছোনিয়াক সম্পূৰ্ণৰূপে সুস্থ কৰি তোলাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদ লোকৰ পৰা সহায় বিচাৰিছে পিতৃ সমীৰ দাসে।

আৰ্থিক সাহায্য কৰিবলৈ বিচৰা ইচ্ছুক সুহৃদ লোকসকলক ভাৰতীয় ষ্টেট বেংকৰ চিৰাং জিলাৰ বিজনীত অৱস্থিত বিষ্ণুপুৰ শাখাৰ A/C no. 35920372713 নম্বৰৰ একাউণ্টত বৰঙণি জমা দিবলৈ পিতৃ সমীৰ দাসে অনুৰোধ জনাইছে । তেওঁৰ মোবাইল নম্বৰঃ 6900644258 ।

You might also like