গুৱাহাটীৰ মালিগাঁৱত সংঘটিত হৈছে এক কৰুণ ঘটনা। কৃত্ৰিম বানৰ মাজতে মেনহলত সোমাই এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ শোকৰ পৰিৱেশ।
জানিব পৰা মতে, দেওবাৰে নিশা হোৱা কৃত্ৰিম বানৰ ফলত মালিগাঁও অঞ্চলত ৰাস্তা পানীৰে প্লাৱিত হৈ পৰিছিল। সেই সময়তে পায়েল নাথ নামৰ মহিলাগৰাকী অজ্ঞাতসাৰে পানীৰ তলত থকা এটা মেনহলত সোমাই যায়।
ঘটনাটোৰ খবৰ পাই তৎক্ষণাত SDRFৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। পিছত SDRFৰ জোৱানসকলে মহিলাগৰাকীক উদ্ধাৰ কৰি তৎক্ষণাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয়ত নিয়াৰ পাছতে চিকিৎসকে মহিলাগৰাকীক মৃত ঘোষণা কৰে।
এই কৰুণ ঘটনাই মালিগাঁও অঞ্চলত শোকৰ ছাঁ পেলোৱাৰ লগতে কৃত্ৰিম বানৰ সময়ত খোলা মেনহলসমূহৰ বাবে সৃষ্টি হোৱা বিপদৰ বিষয়টো পুনৰ উত্থাপন কৰিছে। স্থানীয় ৰাইজে এনে ঘটনা পুনৰ নঘটিবলৈ প্ৰশাসনৰ পৰা উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
উল্লেখ্য যে পায়েলৰ ঘৰ ধাৰাপুৰ অঞ্চলত।
ডিজিটেল ডেস্ক, ২০ এপ্ৰিল