নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণৰ অস্বাভাৱিক মূল্যবৃদ্ধি, বিপাঙত কৃষিজীৱী জনসাধাৰণ

পাণ খেতি কৰা কৃষকসকলে পাণৰ গুছিসমূহত ২০ খিলাকৈয়ে দিয়ে যদিও সেই পাণ খেতিয়কৰ পৰা বিভিন্ন মধ্যভােগীৰ যােগেদি হাত বাগৰি বিক্ৰী বিপণী পাওঁতে পাণৰ গুছিসমূহ চাৰি পাঁচ খিলাকৈ কমি বাৰ পােন্ধৰ খিলা হয়গৈ।

উজনি অসমৰ চৰাইদেউ জিলাৰ বিভিন্ন গ্ৰাম্যাঞ্চলৰ কৃষিজীৱী ৰাইজ চৰম বিপাঙত পৰিছে অসমীয়া সমাজ জীৱনৰ লগত ওতঃপ্রােতভাৱে জড়িত পাণ তামােলৰ বর্ধিত মূল্যক লৈ। সম্প্রতি জিলাখনৰ মাহমৰাৰ লগতে বনমালী, কচুমাৰি, বিশ্ৰামপুৰ, ছেঙেলীমৰা, কাকতীবাৰী অঞ্চলত এগুছি নগা পাণৰ দামেই হৈছেগৈ চল্লিছ টকাৰ পৰা পঞ্চাশ টকালৈ।

সেয়া মেকুৰী কাণসদৃশ কুমলীয়া পাণৰ মূল্য। বজাৰত বুঢ়া পাণ দেখিবলৈ প্রায় নােহােৱাৰ দৰেই হৈ পৰিছে। ক’ৰবাত কেতিয়াবা দৃশ্যমান হলেও সেই বুঢ়া পাণৰ মূল্য হৈছেগৈ চল্লিশ টকাৰ পৰা পঞ্চাশ টকাৰ পৰ্যন্ত।

লক্ষণীয় বিষয় যে, এগুছি পাণত ২০ খিলাকৈ থাকিব লাগে। যদিও অধিকাংশ বিপণীত বিক্ৰী হােৱা পাণৰ গুছিসমূহত বিশ খিলাকৈ পাণ নাথাকে। উল্লেখ্য যে, পাণ খেতি কৰা কৃষকসকলে পাণৰ গুছিসমূহত ২০ খিলাকৈয়ে দিয়ে যদিও সেই পাণ খেতিয়কৰ পৰা বিভিন্ন মধ্যভােগীৰ যােগেদি হাত বাগৰি বিক্ৰী বিপণী পাওঁতে পাণৰ গুছিসমূহ চাৰি পাঁচ খিলাকৈ কমি বাৰ পােন্ধৰ খিলা হয়গৈ।

প্রণিধানযােগ্য যে জোখমাপ নিয়ন্ত্রণ কৰিবলৈ ৰাজ্যত সুকীয়া এটা দপ্তৰ থকা সত্ত্বেও অসমীয়া সমাজ জীৱনৰ লগত ওতপ্রােতভাৱে জড়িত এই পাণৰ গুছিৰ ক্ষেত্ৰত কিন্তু সেই জোখমাখ কৰা বিভাগটোৱে কোনাে দিনেই মাত মতা দেখা নাই।

পাণৰ এই আকাশলঙ্ঘী মূল্যৰ সন্দৰ্ভত পাণ ব্যৱসায় কৰা ব্যক্তিৰ পৰা জানিব বিচৰাত নামনি অসমৰ পৰা পর্যাপ্ত পৰিমাণৰ পাণ যােগান নােহােৱাৰ বাবেই পাণৰ মূল্য গুছিয়ে প্রতি ৪০ ৰ পৰা ৫০ টকা হৈছেগৈ বুলি প্ৰকাশ কৰিছে।

লগতে পাণৰ ব্যৱসায়ীসকলে জনায় যে নামনি অসমৰ পৰা উজনি অসমলৈ এবিধ চিলাই কৰা পাণ আহে যদিও সেই পাণ উজনি অসমৰ ৰাইজে কোনাে সােৱাদ নথকাৰ বাবে গ্ৰহণ কৰিবলৈ নিবিচাৰে । কাজেই থলুৱা ‘নগা পাণ’ৰ মূল্য গুছিয়ে প্রতি দুকুৰিৰ ডেওনা চুইছেগৈ।

লক্ষণীয় বিষয় যে আমাৰ অসমীয়া সমাজত পূৰ্বৰে পৰা বিভিন্ন সামাজিক অনুষ্ঠানত অপৰিহাৰ্য পাণ থলুৱা কৃষকৰ উৎপাদনেই চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছিল। কিন্তু কালক্ৰমত পাণ খেতিৰ বাবে উপযােগী মাটিৰ পৰিমাণ কমি অহাত আৰু নতুন প্রজন্ম পাণ খেতি কৰিবলৈ অমনােযােগী হৈ পৰাত পাণৰ বাবে পৰমুখাপেক্ষী হৈ পৰিবলগীয়া হ’ল।

তদুপৰি ৰাজ্যৰ বিয়াগােম কৃষি বিভাগটোৱে অন্য কৃষিৰ ক্ষেত্ৰত যেনেদৰে কিছুমান আঁচনি গ্ৰহণ কৰে তেনেদৰে অসমীয়া সমাজ জীৱনৰ অপৰিহার্য সম্পদ পাণৰ ক্ষেত্ৰত গুৰুত্ব দিয়া দেখা নাযায়।

সময় থাকোতেই যদি কৃষি বিভাগে এই গুৰুত্বপূর্ণ সম্পদ বিধৰ সন্দৰ্ভত অভিলাষী আঁচনি গ্ৰহণ কৰি পাণ খেতিয়কসকলক উৎসাহিত নকৰে তেন্তে আমি সদায়েই পৰমুখাপেক্ষী হৈ থাকিব লাগিব ।

বিশেষ বাৰ্তা, সোণাৰি, ৭ এপ্ৰিল

You might also like